কামাখ্যা মন্দিৰত বৰুণ ধাৱান, আয়ুষ্মান খুৰানা-কৰণ জোহাৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানক কেন্দ্ৰ কৰি উদুলি-মুদুলি গুৱাহাটী মহানগৰী। এদিনৰ বাবে বলিউডৰ তাৰকাৰে ভৰি পৰিছে মহানগৰী। মায়ানগৰীত পৰিণত হৈছে গুৱাহাটীৰ পৰিৱেশ। ইতিমধ্যে কুৰিৰোধিক বলিউডৰ তাৰকাই বাহৰ পাতিছেহি গুৱাহাটীত। শনিবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায় কেবাগৰাকী বলিউডৰ শিল্পীয়ে।

শনিবাৰে পুৱাই কামাখ্যা মন্দিৰক পূজা-অৰ্চনা কৰে বৰুণ ধাৱান, আয়ুষ্মান খুৰানা আৰু কৰণ জোহাৰকে আদি কৰি বহু শিল্পীয়ে। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁলোকক নিয়া হয় কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। কেবাদিনো ধৰি সুন্দৰকৈ সজাই তোলা কামাখ্যা মন্দিৰত প্ৰিয় তাৰকাকেইগৰাকীক চাবলৈ বহুলোকে ভিৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in