শেহতীয়া খবৰ
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন  •  তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

একেখন ছবিত কিংগ খান আৰু পুত্ৰ আৰ্য়ান! দৰ্শকৰ অপেক্ষা ১৯ জুলাইলৈ… VIDEO

527

ডিজিটেল ডেস্কঃ ২০১৬ত মুক্তি লাভ কৰা ‘দ্য জংগল বুক’-এ দৰ্শকৰ হৃদয় জিনাৰ পাছত চলিত বৰ্ষৰ জুলাই মাহত মুক্তি পাব ৱাল্ট ডিজনীয়ে নিৰ্মাণ কৰা ‘দ্য লায়ন কিংগ’। ইংৰাজীৰ লগতে হিন্দী ভাষাতো মুক্তি পাব লগা এই ছবিখনত শুনিবলৈ পোৱা যাব বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান আৰু তেওঁৰ পুত্ৰ আৰ্য়নৰ কণ্ঠ।

এই এনিমেটেডে ছবিখনত ‘মুফাছা’ চৰিত্ৰটোৰ হৈ শুনিবলৈ পোৱা যাব অভিনেতাগৰাকীৰ কন্ঠ। আৰু তেওঁৰ পুত্ৰ আৰ্য়ানে ‘ছিমবা’ৰ হৈ দান কৰিছে নিজৰ কন্ঠ। উল্লেখ্য যে, হলিউডৰ এই ছবিখন ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ ছবিগৃহত অহা ১৯ জুলাইত মুক্তি লাভ কৰিব। এই ছবিখন চাবলৈ ভাৰতীয় দৰ্শকসকলে অপেক্ষা কৰাৰ আন এক কাৰণ হৈছে পোন প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খান আৰু পুত্ৰ আৰ্য়ানে একেলগে কোনো এখন ছবিত একেলগে কাম কৰিছে।

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে তেওঁৰ জীৱনত এই ছবিখনৰ গুৰুত্ব সন্দৰ্ভত কয়- ‘এই ছবিখনৰ কাহিনীয়ে বহু কথা শিকাইছে। এই ছবিখন মোৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো ছবিখনত ‘সম্বন্ধ’ৰ গুৰুত্ব ভালদৰে দাঙি ধৰা হৈছে। প্ৰায়ভাগ সময়ত দেখা যায় যে, যেতিয়া সন্তান লাহে লাহে ডাঙৰ হ’বলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকে অভিভাৱকে দিয়া উপদেশক আওকাণ কৰে। কিন্তু সেইবোৰৰ মূল্য তেতিয়াহে বুজি পায়, যেতিয়া তেওঁলোকৰ কাষত পিতৃ-মাতৃ নাথাকে।’

অভিনেতা শ্বাহৰুখ খানে লগতে কয়- ‘এই ছবিখনৰ কাহিনীত দেখিবলৈ পোৱা যাব যে, পিতৃ-মাতৃৰ কথা শুনা আৰু তাৰ গুৰুত্বক বুজি পোৱাটো কিমান প্ৰয়োজনীয়। ছবিখনৰ দ্বাৰা শিকিবলৈ পায় যে, অভিভাৱকে দিয়া শিক্ষা কেতিয়াও পাহৰিব নোৱাৰি। আৰু ময়ো ব্যক্তিগতভাৱে এই কথাৰে সন্মত। মোক শৈশৱকালত মা-দেউতাই যিবোৰ কথা শিকাইছিল তাৰ অৰ্থ এতিয়া মই বুজি পাওঁ। কিন্তু সেই সময়ত মই এই কথাবোৰ বুজি পোৱা নাছিলো।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি