বকোত সৰ্পদংশনত খেতিয়কৰ মৃত্যুৰ ঘটনাই উদঙালে দুটা বিভাগৰ ফোঁপলা স্বৰূপৰ…

বকোত সৰ্পদংশনত খেতিয়কৰ মৃত্যুৰ ঘটনাই উদঙালে দুটা বিভাগৰ ফোঁপলা স্বৰূপৰ…

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত ৯ ছেপ্টেম্বৰত এগৰাকী খেতিয়কৰ সৰ্পদংশনত মৃত্যু হৈছিল।সেই ঘটনাত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। খেতিয়কগৰাকীৰ পত্নী নাছিমা বিবি আৰু কণ কণ তিনিটাকৈ সন্তান কেনেদৰে পোহপালৰ ব্যৱস্থা কৰা হ'ব যাব তাকে লৈ স্থানীয় ৰাইজে বাৰুকৈ চিন্তাত পৰিছে। বকো থানাৰ অন্তৰ্গত আৰু ছয়গাওঁ বিধান সভাসমষ্টিৰ অন্তৰ্গত আন্ধেৰীটাৰীগাঁৱৰ ৩৮ বছৰীয়া তপজুল আলী নামৰ খেতিয়ক গৰাকীয়ে নিজৰ মাটি নাথাকিলেও আনৰ মাটি আধিত লৈ খেতি-বাতি কৰি আহিছিল।  এইবাৰো পোন্ধৰ বিঘাৰো অধিক আনৰ খেতিৰ মাটি আধিত লৈ খেতিয়ক গৰাকীয়ে ধানখেতি কৰে।

৯ ছেপ্টেম্বৰ ৰাতিপুৱা খেতিয়ক তপজুল আলীয়ে ঘৰৰ কাষৰ লাকাডুবি খেতিপথাৰত খেতি চাবলৈ গৈছিল। তেতিয়াই খেতিয়ক গৰাকীক সৰ্পই দংশন কৰে। ততাতৈয়াকৈ কাষৰ বামুণীগাওঁ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়খনত এণ্টিভেনাম ইনজেকচন নথকাত বামুণীগাওঁ চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দুৰ্ভাগ্য:বশত আদবাটতে খেতিয়ক গৰাকীৰ মৃত্যু হয় ।

যদি চিকিৎসালয়খনৰ এণ্টিভেনাম ইনজেকচন থাকিল হয় তেতিয়া হ'লে নিশ্চয় খেতিয়ক গৰাকীৰ মৃত্যু নহলহেঁতেন তাকে লৈ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। আনকি ৰাইজে দক্ষিণ কামৰূপৰ কোনো এখন চিকিৎসালয়তে এণ্টিভেনাম ইনজেকচন নাই বুলি ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ওচৰত অভিযোগ দাখিল কৰিছে।

 খেতিয়কগৰাকীৰ মৃত্যুৰ পিছতে আন এখন ছবি স্পষ্টহৈ পৰিছে । গোটেই জীৱন খেতিৰ সৈতে জড়িত তপজুল আলীৰ পৰিয়ালে কৃষি বিভাগৰ পৰা এই পৰ্যন্ত কোনোধৰণৰ সুবিধা লাভ কৰা নাই। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তপজুল আলীৰ মৃত্যুৰ লগে লগে দুৰ্ভগীয়া পত্নী নাছিমা বিবিৰ মুৰত সৰগ ভাঙি পৰিছে। লগতে তিনিটাকৈ কণ কণ শিশুক কেনেকৈ ডাঙৰ-দীঘল কৰিব সেই চিন্তাত চকুৰ টোপনি হৰিছে।আনহাতে স্বামীয়ে খেতি কৰোতে বিশ হাজাৰ টকাৰো অধিক ঋণ হৈছে। সেই ঋণ কেনেদৰে পৰিশোধ কৰিব তাকলৈও চিন্তিত হৈ পৰিছে অসহায় মহিলা গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in