বকোত সাদিন-প্ৰতিদিন গোষ্ঠীৰ জনসংযোগ অভিযানঃ অৱসৰপ্ৰাপ্ত শিক্ষক, সাহিত্যিকৰ সৈতে স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ মত বিনিময়

বকোত সাদিন-প্ৰতিদিন গোষ্ঠীৰ জনসংযোগ অভিযানঃ অৱসৰপ্ৰাপ্ত শিক্ষক, সাহিত্যিকৰ সৈতে স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ মত বিনিময়

ডিজিটেল সংবাদ, বকোঃ সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ জনসংযোগ অভিযানৰ অংশ হিচাপে কামৰূপ জিলাৰ বকোৰ সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষকৰ খবৰ লোৱা হয়। প্ৰথমতে বকো শাখাতিগাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক নিৰোদ দাসক ফুলাম গামোচা এখনেৰে সম্বৰ্ধনা জনোৱাৰ লগে লগে তেওঁ উৎফল্লিত হৈ পৰে। তেওঁ আনকি এনে পদক্ষেপত আবেগিক হৈ দীৰ্ঘদিন জীয়াই থকাৰ বাবে প্ৰেৰণা লাভ কৰিছে বুলি কয়। সদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই ভ্ৰাম্যভাষৰ জৰিয়তে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ সৈতে মতবিনিময় কৰে। অতিথিপৰায়ণ আৰু বিনয়ী স্বভাৱৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে আনকি স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ সৈতে মনবিনিময় কৰাৰ মাজতে সময় আৰু সুবিধা হ'লে ঘৰলৈ অমন্ত্ৰণ জনায়।

বকোৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিৰোদ দাসে ১৯৬৮ বৰ্ষত শাখাতি এম ই স্কুলত প্ৰধান শিক্ষক হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰে। ইয়াৰ পিচত ১৯৭১ বৰ্ষৰ পৰা গোৱালপাৰা জিলাৰ ধূপধৰা হাইস্কুলত শিক্ষকতা কৰে। ২০০৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰা নিৰোদ দাসে ২০০০ বৰ্ষত কৃতি শিক্ষকৰ বঁটা লাভ কৰে। অৱসৰ লাভ কৰাৰ পিচতো নিৰোদ দাসে বন্দাপাৰা জনতা সংঘ, বন্দাপাৰা কণিষ্ঠ মহাবিদ্যালয়, বন্দাপাৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাকেন্দ্ৰ আৰু ক্ৰীড়া সংগঠন সমূহৰ সৈতে জড়িত হৈ আছে।

জন সংযোগ অভিযানৰ অংশ স্বৰূপে সাহিত্যিক অনিল কুমাৰ দাসৰো খবৰ লোৱা হয়। এই বয়সতো কথাৰ মাজত সুন্দৰ ইংৰাজী শব্দ প্ৰয়োগ কৰা অনিল কুমাৰ দাসৰ 'মোৰ বাট' আৰু 'দেৱী' নামৰ দুখনকৈ কবিতা পুথি প্ৰকাশ পাইছে। এতিয়াও প্ৰায় ১২,০০০ কবিতা লিখি তেওঁ সাঁচি থৈছে। নাটক ভালপোৱা অনিল কুমাৰ দাসে ডেকা বয়ত 'অগ্ৰগামী', 'শিখা', 'শতিকাৰ বান', 'চাকনৈয়া', 'গৰাখহনীয়া'- আদি নাটকত মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল।

নামনি অসমৰ যাত্ৰা নাট্যদলটো মহিলাৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল। উৎসৱ-পাৰ্বন উপলক্ষে ঘৰতে ৱাল মেগাজিন প্ৰকাশ কৰা এই বিশেষ ব্যক্তিগৰাকীয়ে ১৯৬৩ বৰ্ষত বকোৰ দামালচোছ প্ৰথমিক বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰি ১৯৯৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শাখাতি নিম্নবুনিয়াদী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। প্ৰখৰ স্মৃতিশক্তিৰ গৰাকী অনিল কুমাৰ দাসৰ সৈতে 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই ভ্ৰাম্যভাষযোগে মতবিনিময় কৰি স্বাস্থ্যৰ বুজ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in