বকোত নদীৰ বাঢ়নী পানীয়ে খহাই নিলে পথ, উটি গ’ল পকী দলং…

বকোত নদীৰ বাঢ়নী পানীয়ে খহাই নিলে পথ, উটি গ’ল পকী দলং…

ডিজিটেল সংবাদ, বকো: যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কামৰূপ জিলাৰ বকোৰ কেইবাখনো নদীত পানী উফন্দি উঠি সেই পানীয়ে বাট-পথ ডুবাই পেলাইছে। বকোৰ শিংৰা নদীৰ পানীয়ে চুকুনীয়াপাৰা চ'কৰ পৰা উলুপাৰাগাঁওহৈ হাহিমলৈ যোৱা পকী পথটো বুধবাৰে পুৱা খহাই পেলায়। সম্প্ৰতি ৰাইছে সেই ঠাইত বাঁহৰ সাঁকো এখন সাজি লৈ কোনোমতে অহা-যোৱা আব্যাহত ৰাখিছে।

বকোৰ বকো নদীৰ বাঢ়নী পানীয়ে ভোগদাবৰী গাঁৱৰ মাজৰ গড়কপ্তানী পথটোও ডুবাই পেলাইছে । দুদিন ধৰি সেই পথটোৰে ৰাইজে পানী ফালি অহা-যোৱা কৰি আহিব লগা হৈছে। বকোৰ শিংৰা তাৰাবাৰী বজাৰ গড়কপ্তানি পথ সংযোগী দখলাই গাঁৱৰ মাজেৰে তাৰাবাৰী বজাৰলৈ যোৱা গ্ৰাম্য পথটোৰ ভঙা অংশটোৰে শিংৰা নদীৰ পানী আজিও সোমাই আছে । এই পানীয়ে গোটেই অঞ্চল বুৰাই পেলাইছে ।

আনহাতে, বকো বিধান সভা সমষ্টিৰ সমীপতে থকা গোৱালপাৰা জিলাৰ দূধনৈ বিধান সভা সমষ্টিৰ অম্বুক নামৰ গাঁৱখনৰ মাজৰ পথটোৰ পকী দলং এখন যোৱা নিশা মৰ্কি নদীয়ে খহাই নিছে । স্থানীয় ৰাইজে দাবী কৰা মতে আজিৰ পৰা মাথোঁ চাৰিমাহ আগতে দলংখন নিৰ্মাণ কৰিছিল । একেদৰে বকোৰ নামপথৰাত শিঙুৱা নদীত থকা নামপথাৰ-শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ খেতিপথাৰলৈ পানী বৈ যোৱা নলাৰ তিনিটা বৃহৎ অংশ পানীয়ে খহাই নিছে । মুঠতে বকোৰ বকো, শিংৰা, শিঙুৱা, খৰখৰীকে ধৰি তিনিখনকৈ নদীৰ পানীয়ে বকোত বিস্তৰ ক্ষতি সাধন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in