বকোত পথ দুৰ্ঘটনা…

বকোত পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত ই-ৰিক্সা আৰু স্কুটিৰ খুন্দাত এজন লোক গুৰুতৰ ভাবে আহত হয় । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত টেপছিয়া গাঁৱত আজি পুৱা প্ৰায় ৮ বজাত বকো-ছমৰীয়া গড়কাপ্তানি পথৰে ভালুকঘাটাৰ পৰা বকোলৈ এএচ-২৫/এল-৩৬১৯নম্বৰ স্কুটিখনেৰে ভালুকঘাটা গাঁৱৰ কমল আৰন্ধৰা(২৫) নামৰ যুৱক গৰাকীয়ে বকো অভিমুখে আহি থাকোতে ই-ৰিক্সা এখনে খুন্দা মাৰে । ফলত গুৰুতৰ ভাবে আহত হয় যুৱক গৰাকীয়ে ।

ডিঙিত গুৰুতৰভাৱে আহত যুৱক গৰাকীক স্থানীয় ৰাইজে কাষৰ ৩০ খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে । কিন্তু যুৱক গৰাকীৰ আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে বকো চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in