বকোৰ পৰা ধেমাজিৰ যুৱতী সন্ধানহীন…

বকোৰ পৰা ধেমাজিৰ যুৱতী সন্ধানহীন…

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোৰ পৰা বৃহস্পতিবাৰে এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত তেলাম গাঁৱৰ জ্যোন্সা ৰাভা (২৬) নামৰ যুৱতী গৰাকীয়ে বকো আগছিয়াগাঁৱৰ মোমায়েক সুভাষ বড়োৰ উইভিঙত যোৱা দুবছৰ ধৰি শিপিনী হিচাপে আছিল ।

বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় দহ বজাত আগছিয়া চ'কৰ দোকানলৈ গৈ যুৱতী গৰাকীয়ে ঘূৰি নোযোৱাত মোমায়েক সুভাষ বড়োই বকো থানাত যুৱতীগৰাকী সন্ধানহীন হোৱা বুলি জনাইছে । কোনোলোকে যুৱতীগৰাকীৰ সন্ধান লাভ কৰিলে ৭০৯৯১- ২২৫৮৮ নতুবা ৯৫৩১০-৯৬২২৬ ম'বাইল নম্বৰত জনাবলৈ অনুৰোধ জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in