মেঘালয়ৰ আগ্ৰাসনৰ ফলত সংকুচিত বকোৰ ভূখণ্ডঃ নতুন চৰকাৰৰ দিনত সীমা সমস্যা সমাধান হ’ব বুলি আশা বকোবাসীৰ…

মেঘালয়ৰ আগ্ৰাসনৰ ফলত সংকুচিত বকোৰ ভূখণ্ডঃ নতুন চৰকাৰৰ দিনত সীমা সমস্যা সমাধান হ’ব বুলি আশা বকোবাসীৰ…

ডিজিটেল সংবাদ, বকোঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ আগ্ৰাসনৰ ফলত কামৰূপ জিলাৰ বকোৰ ভূমি ক্ৰমান্নয়ে সংকুচিত হৈ আহিছে । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত পাহাৰীয়া এলেকা লাম্পি , হাহিম আৰু মালাংকোণাত মেঘালয়ে যি হাৰত অসমৰ ভূমি আগ্ৰাসন চলাই আহিছে সেই ঠাইবোৰত হয়টো এটা সময়ত মানুহে বসবাস কৰাই কঠিনহৈ পৰিব । ইতিমধ্যে লাম্পিৰ ভূমিত মেঘালয়ে আৰক্ষী ছাউনী, বিদ্যালয়, পথনিৰ্মাণ আদি কৰি আগ্ৰাসন চলাই লাম্পিক মেঘালয়ৰ ভূমি বুলি দাবী কৰি আহিছে ।

লাম্পিৰ বাসিন্দাক মেঘালয় আৰক্ষী আৰু লোকে মাৰ-ধৰ পৰ্যন্ত কৰি লাম্পি ত্যাগ কৰিবলৈ প্ৰায়ে সকিয়নী দি সময়ে সময়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দিনত স্বাস্হমন্ত্ৰীহৈ থাকোতে লাম্পিত পদাৰ্পণ কৰি সীমা সমস্যৰ সমাধান কৰা হ'ব বুলি লাম্পিবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল । কিন্তু আজিলৈকৈ সেই সীমা সমস্যা সমস্যাহৈয়ে থাকিল ।বকোৰ লাম্পিবাসীয়ে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে নতুন চৰকাৰখনৰ দিনত সীমা সমস্যা সমাধান কৰিব আৰু লাম্পিবাসীক মেঘালয়ৰ নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব বুলি আশা প্ৰকাশ কৰিছে ।

লাম্পিত অসম চৰকাৰে পথ নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়নমূলক কামত মেঘালয় চৰকাৰৰ পৰা সঘনে বাধা পাই আহিছে । ইয়াৰ বিপৰীতে লাম্পিত এটাৰ পিছত আনএটা মেঘালয়ে আৰক্ষী ছাউনী স্হাপন কৰি আহি লাম্পিত আতংকৰ সৃষ্টি কৰিছে । বকোৰ হাহিমতো চলিছে একেই মেঘালয়ৰ আগ্ৰাসন । প্ৰথমতে অসমৰ ভূমিত মেঘালয় আৰক্ষীয়ে আৰক্ষীচকী স্হাপন কৰাৰ পিছত শেহতীয়াকৈ অসম আৰক্ষীৰ হাহিম আৰক্ষী চকীৰ কাষতে মেঘালয় আৰক্ষীয়ে ছাউনী পাতিছে । অসমৰ মানুহক সেই মেঘালয় আৰক্ষীয়ে সেই ছাউনীটো পাৰহৈ যোৱাত বাধা প্ৰদান কৰি হাহিমবাসীক আতংকিত কৰি আহিছে ।

হাহিমৰ বেছিভাগ পাহাৰীয়া এলেকা ইতিমধ্যে মেঘালয়ে আগ্ৰাসন চলাই ভৌগলিক সীমাত সোমাই লৈছে । সেই ঠাইবোৰৰ গাঁৱত থকা বাট-পথ মেঘালয় চৰকাৰে নিৰ্মাণ কৰি আহিছে । সময়ে সময়ে অসম আৰক্ষীয়ে অসমৰ এই ভূমিবোৰত কৰা উন্নয়নৰ কামত মেঘালয় চৰকাৰক প্ৰায়ে বাধা দিয়া ঘটনাৰ দৰে ঘটনাইও হাহিমবাসীক আতংকিত কৰি আহিছে । হাহিমবাসীয়ে এটা সময়ত হাহিম বজাৰখনকে মেঘালয়ে আগ্ৰাসন কৰি মেঘালয়ৰাজ্যৰ ভৌগলিক সীমাৰ ভিতৰত সুমুৱাই ল'ব বুলি শংকিতহৈ আছে । বকোৰ হাহিমবাসীয়েও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন নতুন চৰকাৰখনৰ দিনত সীমামূৰীয়া সমস্যাৰ সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে । বকোৰ মালাংকোণাতো চলিছে এনে মেঘালয়ৰ আগ্ৰাসন ।

মালাংকোণাৰ হুৱাপাৰাত থকা হো হুৱা জলপ্ৰপাতটো মেঘালয় ৰাজ্যৰ ভৌগলিক সীমাৰ ভিতৰৰ বুলি মেঘালয় চৰকাৰে দাবী কৰি আহিছে ।এই হো হুৱা জলপ্ৰপাতকলৈ অসম আৰু মেঘালয় আৰক্ষীৰ মাজত বহুবাৰ সংঘাতহৈ আহিছে । এনে সংঘাতৰ ফলত মালাংকোণাৰ ৰাইজে মেঘালয় প্ৰশাসন আৰু মেঘালয়ৰ লোকৰ হাতত প্ৰায়ে হাৰাশাস্তি ভুগিব লগা হয় ।

জলপ্ৰপাতলৈ পথ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ গড়কপ্টানী বিভাগক মেঘালয় আৰক্ষীয়ে বাধা প্ৰদান কৰা ঘটনাক কেন্দ্ৰকৰি মালাংকোণাত বহুবাৰ সংঘাট পৰ্যন্ত হৈছে । বকোৰ মালাংকোনাবাসীয়েও নতুন চৰকাৰৰ দিনতে এই সীমা সমস্যাৰ সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে । মেঘালয়ে অসমৰ ভূমি আগ্ৰাসন কৰাৰ ফলত সীমান্তত বসবাস কৰা লোকসকলে আতংকত দিন কটাব লগা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in