বকোত সন্তান সহ সন্ধানহীন মহিলা…

বকোত সন্তান সহ সন্ধানহীন মহিলা…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত মাহিলা সহ সন্তান সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ জাৰাপাৰাগাঁৱৰ অনিতা বাঢ়ৈ ৰাভা (২৭)নামৰ মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰ নিহাৰ ৰাভা(৭)ক লগত লৈ যোৱা ৯ অক্টোবৰত ঘৰৰ কাষৰে বকো শনিবৰীয়া বজাৰলৈ যায় । কিন্ত সন্তান সহ মহিলাগৰাকীয়ে বিয়লিও ঘৰলৈ ঘূৰি নহাত বাধ্যহৈ অনিতা বাঢ়ৈ ৰাভাৰ স্বামী দিগন্ত ৰাভাই পত্নী-পুত্ৰ সন্ধানহীন হোৱাৰ বিষয়ে বকো আৰক্ষীক লিখিত ভাৱে জনাইছে ।

দিগন্ত ৰাভাই জনোৱা মতে, পত্নীয়ে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সোণৰ আ-অলংকাৰ সমূহৰ লগতে নগদ ওঠৰ হেজাৰ টকা লৈ গৈছে । আনহাতে সন্তান সহ মহিলাগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা মহিলাগৰাৰীৰ লগত থকা ৯১০১৩-৫৩০৪৮ নম্বৰৰ ম'বাইল ফোনটো বন্ধ হৈ আছে । কোনোবাই সন্তান সহ মহিলাগৰাকীৰ সন্ধান লাভ কৰিলে ওচৰৰ আৰক্ষী থানা নাইবা দিগন্ত ৰাভাৰ ম'বাইল নম্বৰ- ৭০৮৬৭-৭২২৫৩ নম্বৰত জনাবলৈ অনুৰোধ জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in