নিশা কয়লা সৰবৰাহ কৰা ট্ৰাকৰ খুন্দাত যুৱকৰ মৃত্যু, বকোত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ…

নিশা কয়লা সৰবৰাহ কৰা ট্ৰাকৰ খুন্দাত যুৱকৰ মৃত্যু, বকোত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ…

ডিজিটেল সংবাদ, বকো: শুকুৰবাৰে নিশা কামৰূপ জিলাৰ বকোত কয়লাৰ ট্ৰাকৰ খুন্দাত যুৱক এগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তেজনাই বিৰাজ কৰিছে। শনিবাৰে পুৱা বকোৰ জাৰাপাৰা ৰাইজ গয়ৰহ আৰু মহিলা সমিতিয়ে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিবেশ উত্তাল কৰি তোলে । ৰাইজ গয়ৰহ আৰু মহিলা সমিতিয়ে হাতে হাতে ফেষ্টুন-প্লেকাৰ্ডলৈ ' কয়লা মাফিয়াৰ দাদাগিৰি নচলিব ', 'কয়লা মাফিয়া গ' বেক', ' কয়লা ব্যয়সায় বন্ধ কৰক, 'বকো-হাহিম পথত গতিৰোধক দিবই লাগিব' , 'পংকজ ৰাভাৰ জীৱনৰ মূল্য দিয়ক ' – আদি শ্লোগান দি আকাশ-বতাহ কঁপাই পৰিবেশ উত্তাল কৰে।

১৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বকো-হাহিম গড়কাপ্তানী পথৰ সন্মুখৰ হাহিম তিনিআলি চ'কত এনেদৰে পুৰুষ-মহিলাই ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ ফলত পথ দুটাৰে অহা-যোৱা কৰা যানবাহনৰ চলাচল বন্ধহৈ পৰে। বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ দল এটাই পথ অৱৰোধ কৰা স্হানত উপস্থিতহৈ ৰাইজক পথ মুকলি কৰি দিবলৈ আহ্বান জনায়। ৰাইজে কিন্ত পথ মুকলি কৰি দিয়াৰ সলনি পথৰ মাজত বহি পুনৰ প্ৰতিবাদ কৰে ।

পৰিস্থিতিৰ অধিক অৱনতিৰ আশংকা কৰি পথ অৱৰোধ কৰা স্হানত প্ৰশাসনিক বিষয়া এগৰাকী উপস্থিত হয় । প্ৰশাসনিক বিষয়া গৰাকীক অৱৰোধস্থলীৰ কাষতে থকা পূৰ্ণচন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰিশ চন্দ্ৰ কলিতাই কয়লা সৰবৰাহ কৰা ট্ৰাকৰ বাবে বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ জীৱনলৈ ভাবুকি আহিছে বুলি জনায়। লগতে বিদ্যালয়খনৰ সন্মুখত গতিৰোধক দিবলৈ কেইবাবাৰো আবেদন-নিবেদন জনোৱাৰ পিছতো কাণসাৰ নিদিয়া বুলি অভিযোগ কৰে ।

পথ অবৰোধত অংশ গ্ৰহণ কৰা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই বকো-হাহিম গড়কাপ্তানি পথৰ হাহিম তিনিআলি চ'কত যধেমধে কয়লা সৰবৰাহ কৰা ট্ৰাক ৰখাই থোৱাৰ ফলত বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয় , বকো এড কলেজ , বকো জুনিয়ৰ কলেজকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীকে ধৰি জাৰাপাৰাগাঁৱৰ বাসিন্দা ,পথচাৰীৰ জীৱন বিপদাপন্ন কৰি তুলিছে বুলি আৰক্ষী-প্ৰশাসনক জনায়।

ইয়াৰে পৰিণতি নিশা পংকজ ৰাভাৰ মৃত্যু বুলি উল্লেখ কৰে ।প্ৰশাসনিক বিষয়গৰাকীয়ে ৰাইজৰ দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেতিয়াহে অৱৰোধ কাৰী ৰাইজে পথটো মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে যোৱা নিশা বকো- হাহিম গড়কপ্তানী পথৰ হাহিম তিনিআলি চ'কত হোৱা পথ দুৰ্ঘটনাত পংকজ ৰাভা(৩০) নামৰ যুৱক এগৰাকীৰ মৃত্যু হয়।

নিশাই গাঁৱখনৰ ৰাইজে কয়লা সৰবৰাহ বন্ধৰ লগতে পংকজ ৰাভাৰ ক্ষতিপূৰণৰ দাবীত পথ অৱৰোধ পৰ্যন্ত কৰে । পংকজ ৰাভাৰ ঘৰ জাৰাপাৰাগাঁৱত আৰু যুৱকগৰাকী ডাক বিভাগৰ কৰ্মচাৰী আছিল। ইয়াৰ আগতেও কয়লাৰ ট্ৰাকৰ খুন্দাত গাঁৱখনৰ সৰল ৰাভা (৫০) নামৰ মহিলা এগৰাকীৰ মৃত্যু হৈছে । মেঘালয়ৰ ৰাজ্যৰ চালাঙৰ পৰা বকো-হাহিম পথৰে কয়লা সৰবৰাহ চলি আহিছে।

পথত কয়লাৰ ট্ৰাক সমূহ ৰখাই ধন সংগ্ৰহ কৰাৰ বাবেই বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি আজিৰ প্ৰতিবাদত অংশ গ্ৰহণ কৰা ৰাইজে দাবী কৰে । নিশা হোৱা দুৰ্ঘটনাৰ পিছতে বকো আৰক্ষীয়ে এএচ-০১চিচি-৮১৯৫নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিছে । ৰাতিপুৱা পংকজ ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে বকো-হাহিম পথৰে কয়লা সৰবৰাহ কৰা ট্ৰাক সমূহে নীতি-নিয়মক বৃদ্ধা অঙ্গুষ্ঠু প্ৰদৰ্শন কৰি অধিক কয়লা কঢ়িয়াই অনাৰ লগতে বহু গাড়ীৰ বিভাগীয় কাগজ-পত্ৰ নাই বুলি ৰাইজে অভিযোগ কৰিছে ।এই সন্দৰ্ভত পৰিবহন বিভাগকো উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in