পতি-পত্নীৰ ৰহস্যজনক মৃত্যু…

পতি-পত্নীৰ ৰহস্যজনক মৃত্যু…

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত বুধবাৰে এহাল পতি-পত্নীৰ মৃত্যুই ৰহস্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত সাতেকোনা নামৰ পাহাৰীয়া গাঁও এখনত বুধবাৰে পুৱাই দ গাঁত এটাত এহাল পুৰুষ-মহিলাৰ মৃতদেহ পানীত ওপঙি থকা দেখিবলৈ পাই স্থানীয় ৰাইজে। ইয়াৰ পাছতে তেওঁলোকে ঘটনা সন্দৰ্ভত লগে লগে বকো আৰক্ষী থানাত খবৰৰ দিয়ে।

বকো আৰক্ষীৰ এটা দলে পানীত পৰি প্ৰান ত্যাগ কৰা মাইনডো ডি চাংমা (৩০) আৰু চালজে আৰ মাৰাক (২৭) নামৰ পতি-পত্নী হালৰ মৃতদেহ বকো থানালৈ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । সাতেকোনা গাঁৱৰ পতি-পত্নী হালৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও গাঁওখনৰ একাংশ লোকে কোনোবা শত্ৰুৱে হত্যা কৰি দ গাঁতটোত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে।

আন একাংশই আকৌ পতি-পত্নী হালৰ কোনোবা এগৰাকীয়ে প্ৰথমে কেনেবাকৈ গাঁতটোত বাগৰি পৰাৰ পিছত আনগৰাকীয়া উদ্ধাৰ কৰিবলৈ যাওঁতে দুয়োৰে মৃত্যু হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ ফলাফললৈ বাট চাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in