বকো-ছয়গাঁৱৰ সোণতলী, কালাতলীত ধুমুহাৰ তাণ্ডৱ, এজনে হেৰুওৱালে প্ৰাণ…

বকো-ছয়গাঁৱৰ সোণতলী, কালাতলীত ধুমুহাৰ তাণ্ডৱ, এজনে হেৰুওৱালে প্ৰাণ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো আৰু ছয়গাঁও সমষ্টিৰ অন্তৰ্গত সোণতলী, কালাতলীত বৃহস্পতিবাৰে পুৱতি নিশাৰ বিধ্বংসী ধুমুহা-শিলাবৃষ্টিৰ ফলত অঞ্চলটোৰ বহু ঘৰ-দুৱাৰ, শিক্ষানুষ্ঠান, ইৰিধান খেতি তচনচ কৰাৰ লগতে মহিলা এগৰাকীৰ মৃত্যু হয়৷ জানিব পৰা মতে ছমৰীয়া আৰু গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত সোণতলী, কালাতলীত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩-৩০ বজাত বৰদৈচিলাই চলাই তাণ্ডৱ৷

কালৰূপী ধুমুহাৰ ধ্বংসলীলাৰ ফলত সোণতলী, গৰৈমাৰী অঞ্চলৰ শ শ পৰিয়াল, কেবাটাও শিক্ষানুষ্ঠান ধ্বংসস্তূপত পৰিণত হয়৷ নিশা বকোৰ সোণতলীৰ পুৰাণগাঁও, টাঙোনমাৰী, ছমৰীয়াপাম, শেলেসুঁতি, নতুন কাঠমী আৰু ছয়গাঁৱৰ ২নং টপাৰপথাৰ চৰ, কালাতলী পথাৰ, কান্দুলিমাৰী, উত্তৰ কান্দুলিমাৰীকে ধৰি বহুকেইখন গাঁৱত বৰদৈচিলাই তাণ্ডৱ চলায়৷

ঘূৰ্ণীবতাহে সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ টিনপাতৰ চালি উৰুৱাই নিয়াৰ লগতে বিদ্যালয়ত স্থাপন কৰা চিচি টিভি নষ্ট কৰাৰ লগতে আৰাফা ৰয়েল একাডেমীৰ টিনপাতৰ চালি, বেৰ উৰুৱাই নিয়ে৷ কালৰূপী ধুমুহা-শিলাবৃষ্টিয়ে বৃহত্তৰ অঞ্চলটোৰ দুইশতাধিক ঘৰ-দুৱাৰ উৰুৱাই নিয়াৰ লগতে শ শ বিঘা ইৰি-বৰোধান, পাচলি খেতিৰ বিস্তৰ ক্ষতি সাধন কৰে৷

আনহাতে সোণতলী মৌজাৰ কেইবাটাও স্থানত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হয়৷ ধুমুহাই অঞ্চলটোৰ বহু পুৰণি গছ-গছনি উভালি পেলায়৷ আনহাতে প্ৰচণ্ড ধুমুহাৰ ফলত গৰৈমাৰীৰ ২নং টপাৰপথাৰ চৰৰ মহিলা এগৰাকীৰ কৰুণ মৃত্যু ঘটে৷ নিশা টোপনিত থকা অৱস্থাত হোৱা বিধ্বংসী ধুমুহাই উৰুৱাই অনা টিনপাতৰ চালিয়ে প্ৰচণ্ডবেগে খুন্দা মাৰে ২নং টপাৰপথাৰ গাঁৱৰ জয়েদ আলীৰ পত্নী হাছিনা খাতুনৰ মূৰ, শৰীৰত৷ প্ৰচণ্ড খুন্দাত হাছিনা খাতুন (২৬)ৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ চাৰি সন্তানৰ মাতৃ হাছিনা খাতুনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

উল্লেখ্য যে ধুমুহাই সোণতলী আঞ্চলিক মহাবিদ্যালয়, শেলেসুঁতি প্ৰাথমিক বিদ্যালয়, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসহ কেবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি কৰে৷ প্ৰচণ্ড ধুমুহাই সৰ্বস্বান্ত পৰিয়াল, কৃষক, শিক্ষানুষ্ঠানৰ লগতে নিহত মহিলাগৰাকীৰ পৰিয়ালক পৰ্যাপ্ত পৰিমাণে আৰ্থিত সাহায্য প্ৰদান কৰিবলৈ ৰাইজে বিজেপিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ ওচৰত দাবী জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in