বকোৰ সোণতলীৰ লুটুৰাদিয়া-বৰঘোলত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া অব্যাহত

বকোৰ সোণতলীৰ লুটুৰাদিয়া-বৰঘোলত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া অব্যাহত

ডিজিটেল সংবাদ নগৰবেৰাঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ চৰাঞ্চলৰ লুটুৰাদিয়া, বৰঘোলত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চল কংগ্ৰেছৰ সঁজাতী দল এটাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ গ্ৰাসত পৰিছে বকো সমষ্টিৰ অন্তৰ্গত ইখনৰ পিছত সিখনকৈ গাঁও৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিছে সোণতলীৰ প্ৰায় কুৰিখনতকৈ অধিক গাঁও, অনুষ্ঠান-প্ৰতিষ্ঠান৷

 সম্প্ৰতি অস্তিত্বৰ সংকটত পৰিছে সোণতলীৰ পানীখাইতী বজাৰৰ লগতে কেইবাখনো গাঁও, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান৷ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই পানীখাইতীৰ বজাৰৰ লগতে লুটুৰাদিয়া, বৰঘোল অঞ্চললৈ ভাবুকি কঢ়িয়াই অনাত শংকিত হৈ পৰিছে নৈপৰীয়া বাসিন্দাসকলে৷

 বিগত দিনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত বিলীন গৈছে পানীখাইতীৰ নৈপৰীয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ২নং পানীখাইতী প্ৰাথমিক বিদ্যালয়, লটৰাদিয়া প্ৰাথমিক বিদ্যালয়, পানীখাইতী প্ৰাথমিক বিদ্যালয় আদিকে ধৰি কুৰিখন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ৷ জাহ গৈছে বহুজনৰ ঘৰ-দুৱাৰ, আবাদী মাটি৷ হেজাৰ হেজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰৰ কালগ্ৰাসত পৰাত গৃহহীন হৈছে বহু পৰিয়াল৷

 আনহাতে সম্প্ৰতি পানীখাইতীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া অব্যাহত থকাত অঞ্চলবোৰলৈ অস্তিত্বৰ সংকট নমাই আনিছে৷ অনাগত দিনত ব্ৰহ্মপুত্ৰ ভয়াৱহ খহনীয়া অব্যাহত থাকিলে অসমৰ মানচিত্ৰৰ পৰা বকো সমষ্টিৰ সোণতলীৰ পূৱ অংশৰ বৃহত্তৰ অঞ্চলকেইটাৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান নাইকিয়া হ'ব, সেয়া নিশ্চিত।

 উল্লেখ্য যে চৰকাৰে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে পানীখাইতীৰ কিছু অংশত জিঅ'বেগেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও লুটুৰাদিয়া, বৰঘোলত এই খহনীয়াই কালৰূপ ধাৰণ কৰিছে৷ বৰলুইতৰ প্ৰৱল খহনীয়াৰ ফলত অঞ্চলবাসী ৰাইজ সম্প্ৰতি আতংকিত হৈ পৰিছে৷ জানিব পৰামতে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ স্বামী তথা অৱসৰপ্ৰাপ্ত বন বিষয়া ভৱেশ দাসৰ নেতৃত্বত কংগ্ৰেছৰ এটা সঁজাতী দলে দেওবাৰে লুটুৰাদিয়া এনছি আৰু বৰঘোল আঞ্চলিক বাগান বজাৰৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মতবিনিময় কৰে।

 সঁজাতী দলটোৱে আপ ষ্টিমৰ ১১০০ মিটাৰ আৰু ডাউন ষ্টিমৰ প্ৰায় ডেৰ কিলোমিটাৰ খহনীয়া প্ৰতিৰোধৰ কাম কৰি সমগ্ৰ সোণতলী মৌজাখন ৰক্ষা কৰিবলৈ চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক অনুৰোধ জনায়। দলটোত মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ, আঞ্চলিক পঞ্চায়তৰ সদস্যা আমিন ময়নুল প্ৰমুখ্য কেইবাজন কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in