বকোত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী সভা…

বকোত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী সভা…

ডিজিটেল সংবাদ, বকো: মহাজোঁটৰ কংগ্ৰেছ দলৰ বকোৰ প্ৰাৰ্থী বিধায়িকা নন্দিতা দাসক অহা ৬ এপ্ৰিলৰ বিধানসভা নিৰ্বাচনত বিজয়ী কৰিবলৈ বকোত শনিবাৰে নিৰ্বাচনী প্ৰচাৰত নামিল হাইপ্ৰফাইল নেতা। সাংসদ গৌৰৱ গগৈ , কংগ্ৰছ দলৰ উপ-দলপতি ৰকিবুল হুছেইন , ষ্টাৰ কেম্পেইনাৰ ইম্ৰান প্ৰতাপ গিৰি , কংগ্ৰেছ দলৰ সম্পাদক অজয় ফুকন, চতিশগড়ৰ বিধায়ক গোলাপ কামৰো আদিকে ধৰি বহু কেইগৰাকী হাইপ্ৰফাইল নেতাই ৪৮নং বকো বিধান সভা সমষ্টিৰ সোণতলীত হেলিকপ্টাৰেৰে আহি নিৰ্বাচনী প্ৰচাৰ চলায়।

আটাইকেইগৰাকী হাইপ্ৰফাইল নেতাই বকোৰ সোণতলীৰ নিৰ্বাচনী সভাত উপস্হিত হৈ বিহু দলৰ সৈতে নৃত্য প্ৰদৰ্শন কৰে । নিৰ্বাচনী সভাত ষ্টাৰ কেম্পেইনাৰ ইম্ৰান প্ৰতাপ গিৰিয়ে হিন্দী ভাষাত বকোৰ প্ৰাৰ্থী নন্দিতা দাসক ভোট দিবলৈ ৰাইজক আহ্বান জনাই অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব বুলি নিশ্চিত কৰে । মহাজোঁটৰ চৰকাৰ হ'লে প্ৰথমতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিল কৰাই প্ৰথম কাম হ'ব বুলি তেওঁ কয় ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখন দুখীয়াৰ নহয় ধনীৰহে চৰকাৰ সেই কথা ৰাইজে ইতিমধ্যে বুজি পাইছে বুলি কয়।ইয়াৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচনী ভাষণ দি অসমত প্ৰথম পৰ্যায়তে মহাজোঁটৰ চৰকাৰ হ'ব সেয়া নিৰ্ণয় হৈছে বুলি দৃঢ়তাৰে কয় । বিজেপি চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধি কথা তেওঁ উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক নহয় বুলি গৰিহণা দিয়ে ।

সাংসদ গৌৰৱ গগৈয়ে এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব বুলি নিৰ্বাচনী প্ৰচাৰ সভাখনত নিশ্চিত কৰি মহাজোঁটৰ চৰকাৰ আহিলে মাইক্ৰফাইনেন্সৰ ধন ৰেহাই,পাঁচ লাখ নিবনুৱাই চাকৰি,প্ৰতিগৰাকী মহিলাই একাউন্টত দুই হাজাৰ টকাকৈ লাভ কৰাৰ উপৰিও বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে । নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰা কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইন , মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচাৰ -আচৰণকলৈ তীব্ৰ সমালোচনা কৰে ।

সাংবাদিকক ভাবুকী , মহিলাক অপমান কৰি ৰাজ্যত আতংকৰ সৃষ্টি কৰিছে যাৰ বাবে উজনিৰ পৰা নামনিলৈকে ৰাইজে বিজেপিক বিদায় দিয়াৰ ব্যৱস্হা কৰিছে বুলি সমালোচনা কৰে। ৰকিবুল হুছেইনে এন আৰ চি আৰু মূল্যবৃদ্ধিৰে ৰাইজক টেঁটুচেঁপা দিয়াৰ পৰিত্ৰাণ বিচাৰিয়ে অসমৰ ৰাইজে মহাজোঁটৰ চৰকাৰ বিচাৰিছে বুলিও উল্লেখ কৰে।

মহাজোঁটৰ চৰকাৰ হ'লে দক্ষিণ কামৰূপ জিলা গঠন, ২০০ ইউনিটলৈকে বিদ্যুতৰ বিল ৰেহাই দিয়াৰো প্ৰতিশ্ৰুতি ৰকিবুল হুছেইনে দিয়ে । নিৰ্বাচনী প্ৰচাৰ সভাখনত শিল্পী অজয় ফুকন , বাবু বৰুৱা , নেকিব আহমেদে গীত পৰিবেশন কৰি ভোটাৰ ৰাইজক আমোদ দিয়াৰ উপৰিও প্ৰাৰ্থী নন্দিতা দাসে ভাষণত ভোট ভিক্ষা খোজে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in