বকোত চিটুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী..

বকোত চিটুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী..

ডিজিটেল সংবাদ,বকো : সমগ্ৰ দেশৰ লগতে চেন্টাৰ অব ইণ্ডিয়ান ট্ৰেড ইউনিয়ন চমুকৈ চিটুৰ দক্ষিণ কামৰূপ জিলা সমিতিয়েও বুধবাৰে চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰূদ্ধে কামৰূপ জিলাৰ বকোত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি পৰিবেশ উত্তাল কৰি তোলে | চৰকাৰৰ কৃষক বিৰোধী নীতিৰ লগতে ৰে'ল, তেল, বিমান সেৱা আৰু বেংকসহ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডৰ হাতত হস্তান্তৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদী  কাৰ্যসূচী |

আনকি সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ তালিকাৰ পৰা চাউল, দাইল, মিঠাতেল, আলু আদি কৰ্তন কৰি দিয়াৰ বাবেও সংগঠনটোৰ কৰ্মকৰ্তাই সৰৱ প্ৰতিবাদ সাব্যস্ত কৰে | সংগঠনটোৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ শতাধিক কৰ্মীয়ে বকো বজাৰৰ মাজেৰে উলিওৱা প্ৰতিবাদী সমদলৰ জৰিয়তে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে ৷

"ৰেল, বীমা, বেংক, বিমান ঘাটি, তেল শোধানাগৰ, কাগজ কল আদি ৰাজহুৱা সম্পত্তিৰ বিক্ৰী বন্ধ কৰক " , " শ্ৰমিক কল্যাণ আইন কাৰ্যকৰী কৰক " , " কৃষক বিৰোধী আইন বাতিল কৰক " – আদি শ্লোগান দি প্ৰতিবাদী সমদলটোৱে বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in