বকোত পথৰ দাঁতিতে শাক-পাচলিৰ বজাৰত খেতিয়ক-ব্যৱসায়ীৰ ভিৰঃ বিপদৰ অধিক আশংকা, প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ…

বকোত পথৰ দাঁতিতে শাক-পাচলিৰ বজাৰত খেতিয়ক-ব্যৱসায়ীৰ ভিৰঃ বিপদৰ অধিক আশংকা, প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলা বকোত দৈনিক ৰাতিপুৱাতে দুখন সুন্দৰ শাক-পাচলিৰ বজাৰ বজাৰ হয় । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকো বজাৰৰ বকো-শনিবৰীয়া বজাৰ পথৰ দুয়োকাষে আৰু বকো বৃহস্পতিবৰীয়া বজাৰৰ সন্মুখৰ ভাগৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে হয় বজাৰ দুখন । পূৰ্বৰে পৰা বকোত এই শাক-পাচলিৰ বজাৰ হয় যদিও সম্প্ৰতি বকো বজাৰৰ আশে-পাশে থকা গাঁওবোৰত খেতিয়কৰ সংখ্যা বৃদ্ধি হোৱাত শাক-পাচলিৰ বজাৰখনৰো আঁকাৰ বাঢ়িছে। শিচাপীঠ, জালুকবাৰী, খটখটি , বৰখাল , জৱেপাৰা,ৰংচিপাৰা, ভোগদাবাৰী, মুগাখোল,কাহিবামা, ভূতাৰগাড়ী, চক্ৰপানী, নাগোপাৰা, আঠকুপাৰা, বাকাৰাপাৰা, বেলপাৰা , ভেঁহুৱা আদিকে ধৰি বিভিন্ন গাঁৱৰ শাক-পাচলি বকোৰ ৰাতিপুৱাৰ বজাৰখনলৈ বিক্ৰী কৰিবলৈ আহে ।

খেতিয়কসকলে বাৰীত কৰা লাও-কোমোৰা, তিঁয়হ , ভাতকেৰেলা, তিতাকেৰেলা,জলকীয়া,আদা,কবি,বেঙেনা, বিলাহী, কলদিল আদিৰে বজাৰ দুখনত ভৰি পৰে ।খেতিয়কসকলে বজাৰ দুখনত নিজৰ উৎপাদিত আনাৰস, কল,তামোল আদিও বিক্ৰী কৰে।বজাৰ দুখনত পূৰ্বৰে পৰা খাপপিটি থকা শাক-পাচলিৰ একাংশ ব্যৱসায়ীয়ে গাঁৱৰ খেতিয়কৰ পৰা শাক-পাচলি সমূহ কিনি লয় । পিছত সেই শাক-পাচলি সমূহ বেছি দামত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰে ।আন এচামে অৱশ্যে বকোত খেতিয়কৰ পৰা শাক-পাচলি কিনিলৈ ডি আই আদি সৰু গাড়ীৰে গুৱাহাটীৰ বিভিন্ন বজাৰত বিক্ৰী কৰিবলৈ নিয়ে ।

খেতিয়কৰ পৰা শাক-পাচলি কিনিলৈ ব্যৱসায় কৰা অধিক সংখ্যকে মহিলা ব্যৱসায়ী । বকোত ৰাতিপুৱা শাক-পাচলি বজাৰ দুখন হোৱাৰ পৰা খেতিয়ক সকলোৰ যথেষ্ট সুবিধা হৈছে যদিও বৃহস্পতিবৰীয়া বজাৰৰ সন্মুখৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে হোৱা বজাৰখন অতি বিপদজনক হিচাপে বিবেচিত হৈছে । কাৰণ ৰাষ্ট্ৰীয় ঘাইপথটোৰ একেবাৰে দাঁতিতে শাক-পাচলিৰ বজাৰখন হয় । পথটোৰে অসংখ্য যান-বাহন চলাচল কৰে । গতিকে যিকোনো মুহূৰ্ততে যান-বাহন দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা থাকে । একেদৰে বকো-শানিবৰীয়া বজাৰৰ দুয়োকাষে দৈনিক ৰাতিপুৱা হোৱা শাক-পাচলিৰ বজাৰখনৰ ক্ষেত্ৰটো একেই কথা । পথটোৰে চলাচল কৰা যান-বাহনে খেতিয়ক আৰু ব্যৱসায়ী সকলোৰ বিপদ ঘটোৱাৰ আশংকা থাকে । ইয়াৰ উপৰিও বজাৰ দুখনত শাক-পাচলি কিনাৰ বাবে গ্ৰাহকেও ভিৰ কৰে । বিষয়টো প্ৰশাসনক গুৰুত্ব দিবলৈ দাবী জনাইছে সচেতন ৰাইজে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in