বকো বজাৰ সমিতিৰ সদস্যৰ অকাল বিয়োগ: বুধবাৰৰ পুৱা ৯ বজালৈকে দোকান-পোহাৰ বন্ধ ঘোষণা…

বকো বজাৰ সমিতিৰ সদস্যৰ অকাল বিয়োগ: বুধবাৰৰ পুৱা ৯ বজালৈকে দোকান-পোহাৰ বন্ধ ঘোষণা…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকো বজাৰ সমিতিৰ এগৰাকী সদস্যৰ অকাল বিয়োগত শোকৰ ছাঁ পৰিছে । জানিব পৰা মতে বকো-শনিবৰীয়া পথৰ বি বড়ো মেডিকেল নামৰ ঔষধ দোকানৰখনৰ সত্বাধিকাৰী তথা বকো বজাৰ সমিতিৰ সাধাৰণ সদস্য অনুপম বড়ো (৩০) ই দীৰ্ঘদিন ধৰি বিষ, মধুমেহ আদি ৰোগত আক্ৰান্তহৈ আছিল।

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীনহৈ থকা অনুপম বড়োৰ কালি বিয়লি অকাল বিয়োগ হয় । কোনো সতি-সন্ততি নথকা বড়োই মৃত্যুৰ সময়ত তেওঁ পত্নী পূৰ্ণিমা বড়োক ইহ সংসাৰত এৰি থৈ যায় । বকো বজাৰৰ সমিতিয়ে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাকুল পৰিয়ালক সমবেদনা জনাই বুদবাৰে ৰাতিপুৱা ৯ বজালৈকে বকো বজাৰৰ দোকান-পোহাৰ সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in