বকোত ভয়ংকৰ পথ দুৰ্ঘটনা, শিশুসহ চাৰিজন আহত

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা, শিশুসহ চাৰিজন আহত

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত হোৱা এক পথ দুৰ্ঘটনাত শিশুসহ চাৰিজন কৈ লোক গুৰুতৰ ভাবে আহত হয়। ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত দদানপুৰত বুধবাৰে দিনৰ প্ৰায় ১ বজাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে গুৱাহাটী অভিমুখে গৈ থকা এএছ ১৭চি ০৬০৫ নম্বৰৰ আল্ট্ৰা বাছ এখনে বিপৰীত দিশে গৈ থকা এএছ ০১এক্স ৯৭১২ নম্বৰৰ পালচাৰ এখনত তীব্ৰ বেগেৰে খুন্দা মাৰে।

দুৰ্ঘটনাটোত দুই বছৰীয়া শিশু নিত চাংমাৰ লগতে ৰুক্মী মাৰাক (১৮), চালনি চাংমা (২০) আৰু ৱালখাৰ চাংমা (৩০) গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত কেইজনক বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে যদিও আটাইকেইগৰাকীৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত হোৱা বাছ আৰু মটৰ চাইকেলখন আৰক্ষীয়ে আনি বকো থানাত ৰাখিছে। আহত আটাইকেইগৰাকীৰ ঘৰ মেঘালয়ৰ পিলিংকটাত বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in