হেৰুৱালে দুটিকৈ গৰ্ভস্থ সন্তানঃ বোকাখাতৰ “স্বেতা-সংগীতা হেল্থ কেয়াৰ” চেণ্টাৰৰ ভুল ৰিপৰ্টৰ বলি এগৰাকী সন্তান সম্ভৱা মহিলা…

হেৰুৱালে দুটিকৈ গৰ্ভস্থ সন্তানঃ বোকাখাতৰ “স্বেতা-সংগীতা হেল্থ কেয়াৰ” চেণ্টাৰৰ ভুল ৰিপৰ্টৰ বলি এগৰাকী সন্তান সম্ভৱা মহিলা…

ডিজিটেল সংবাদ, বোকাখাতঃ আপোনাৰ হাতত যদি অপৰ্যাপ্ত ধন আছে তেনে আপুনি আৰম্ভ কৰক চিকিৎসাৰ ব্যৱসায় আৰু স্বাস্থ্য পৰীক্ষাৰ নামত ভুল ৰিপৰ্টেৰে হেতালী খেলক দৰিদ্ৰ ৰুগীৰ স্বাস্থ্যৰ সৈতে। এনে এক ধাৰাবাহিক ঘটনাই সংঘটিত হৈ আছে বোকাখাতৰ "স্বেতা-সংগীতা হেল্থ কেয়াৰ" নামৰ এটা ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰত।

শেহতীয়াকৈ এগৰাকী গৰ্ভৱতী মহিলাৰ গৰ্ভ পৰীক্ষাৰ অন্তত ভুল ৰিপৰ্ট প্ৰদানেৰে দুটিকৈ গৰ্ভজাত সন্তানৰ প্ৰান কাঢ়ি লোৱাৰ ঘটনা পোহৰলৈ আহিছে বোকাখাতত।দুৰ্ভগীয়া গৰ্ভৱতী মহিলাগৰাকীৰ নাম মঞ্জুলা পেগু, স্বামী মুনিন্দ্ৰ পেগু, ঘৰ বোকাখাতৰ বালিজান গাঁৱত।

এই গৰাকী সন্তান সম্ভৱা মহিলাই গৰ্ভ পৰীক্ষা কৰাইছিল বোকাখাতৰ "স্বেতা-সংগীতা হেল্থ কেয়াৰ" নামৰ এটি ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰত। বিগত ১৮ আগষ্টত মহিলা গৰাকীৰ গৰ্ভ পৰীক্ষাৰ অন্তত ডাক্টৰ এ. এম. দাস স্বাক্ষৰীত ৰিপৰ্ট দিয়া হ'ল গৰ্ভত এটি সন্তান আৰু অত্যাধিক পানী আছে বুলি লগতে পৰামৰ্শ দিয়া হ'ল উন্নত চিকিৎসাৰ।

লগে লগেই "স্ব্যেতা-সংগীতা হেল্থ কেয়াৰ" চেণ্টাৰৰ ৰিপৰ্ট চায়েই বোকাখাত শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ পৰা পৰামৰ্শ আহিল গৰ্ভপাতৰ।এইবাৰ মহিলাগৰাকীক গৰ্ভপাতৰ বাবে ভৰ্তি কৰোৱা হ'ল যোৰহাট মেডিকেল কলেজ হাস্পটালত। প্ৰথম অৱস্থাত ইয়াতো চিকিৎসকে মহিলা গৰাকীৰ নকৰালে গৰ্ভ পৰীক্ষা, দুৰ্ভাগ্যজনকভাৱে "স্বেতা-সংগীতা হেল্থ কেয়াৰ"ৰ ৰিপৰ্ট মতেই লোৱা হ'ল গৰ্ভপাতৰ ব্যৱস্থা।

কিন্তু যোৰহাট মেডিকেল কলেজ হাস্পটালত গৰ্ভপাতৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহনৰ পাছতো মহিলাগৰাকীৰ স্বাস্থ্য সাজু হৈ নুঠাত নতুনকৈ কৰা হ'ল "আল্ট্ৰা চাউণ্ড"। তেতিয়াহে ওলাল উৰহি গছৰ ওৰ। অৰ্থাৎ , "স্ব্যেতা-সংগীতা হেল্থ কেয়াৰে" দিয়া ৰিপৰ্টক ভুল প্ৰমানিত কৰি মহিলা গৰাকীৰ গৰ্ভত ওলাল দুটিকৈ সন্তানৰ অৱস্থিতি, ইফালে নোলাল পেটত অত্যাধিক পানী জমা হোৱাৰ সমষ্যা। যাৰ বাবে দুৰ্ভগীয়া মহিলা গৰাকী সাজু হৈছিল গৰ্ভপাতৰ বাবে।

কিন্তু তেতিয়ালৈ দুটিকৈ গৰ্ভস্থ সন্তানক গৰ্ভপাত কৰাৰ সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰিছিল চিকিৎসকে। পৰবৰ্তী সময়ত গৰ্ভপাত কৰি নষ্ট কৰা হ'ল দুটিকৈ সন্তান। এনেদৰেই এগৰাকী দুৰ্ভগীয়া মহিলাই "স্ব্যেতা-সংগীতা হেল্থ কেয়াৰ"ৰ ভুল ৰিপৰ্টৰ বাবেই হেৰুৱাব লগীয়া হ'ল দুটিকৈ গৰ্ভজাত সন্তান।

উল্লেখযোগ্য যে "স্ব্যেতা-সংগীতা হেল্থ কেয়াৰ" ভুল ৰিপৰ্টৰ বলি হৈ সুকন্যা ঠেঙাল নামৰ আন এগৰাকী গৰ্ভৱতী মহিলাই ইতিমধ্যেই উচিত তদন্তৰ দাবীত বোকাখাতৰ মহকুমাধিপতিক দাখিল কৰিছিল স্মাৰক পত্ৰ। ইয়াৰ উপৰিও যথেষ্ট সংখ্যকলোকৰ উক্ত স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰতি ভুল চিকিৎসা, ভুল ৰিপৰ্ট প্ৰদান আদিৰ ক্ষেত্ৰত আছে দীৰ্ঘদিনীয়া অভিযোগ। এই ক্ষেত্ৰত ভুক্তভোগী ৰাইজে অতি শীঘ্ৰেই বোকাখাত মহকুমা প্ৰশাসন আৰু মহকুমা স্বাস্থ্য বিভাগৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in