বোকাখাতৰ তেলচুৰি কাণ্ডত জড়িত অগপ নেতাক তিনি দিনৰ আৰক্ষী জিম্মাত..

বোকাখাতৰ তেলচুৰি কাণ্ডত জড়িত অগপ নেতাক তিনি দিনৰ আৰক্ষী জিম্মাত..

ডিজিটেল সংবাদ, কাজিৰঙাঃ ওপৰৰ নিৰ্দেশত এৰি দিব বিচাৰিলেও অৱশেষত সংবাদ মাধ্যমৰ হেঁচাত আজি হাতকেৰেয়া লগাই বোকাখাত আৰক্ষীয়ে আদালতত হাজিৰ কৰে বোকাখাতৰ তেল চুৰি কাণ্ডৰ মূল অভিযুক্ত অগপৰ পালিনেতা পৰমানন্দ দাসক৷ আনকি, বোকাখাত আৰক্ষীয়ে তেল চুৰি সন্দৰ্ভত অধিক তথ্য উদঘাটনৰ স্বাৰ্থত তিনিদিনৰ বাবে জিম্মা পৰ্যন্ত ল'লে তেলচুৰি কাণ্ডত অভিযুক্ত মন্ত্ৰী অতুল বৰাৰ ঘনিষ্ঠ পৰমানন্দ দাসৰ লগতে আন দুজন অভিযু্ক্তক৷

উল্লেখ্য যে, অসম গণ পৰিষদৰ সভাপতি, অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ আশিসধন্য অগপৰ পালিনেতা পৰমানন্দ দাসে ৰজাবাৰীৰ নুমলীগড় কণিষ্ঠ মহাবিদ্যালয়ৰ কাষৰ নিজা বাসগৃহ চৌহদত দীর্ঘদিন ধৰি টেংকাৰৰ পৰা তেল চুৰি কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উত্থাপিত হৈছিল৷ ইয়াৰ পাছতে এক গোপন তথ্যৰ ভিত্তিত কালি গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতে চলোৱা অভিযানত ৰজাবাৰীৰ জগত দাস আৰু বাগৰিৰ নুৰজামাল আলি নামৰ দুজন লোকক তেল চুৰি কৰি থাকোতে হাতে লোটে ধৰা পেলায়৷

তদুপৰি, বাসগৃহৰ স্বত্বাধিকাৰ তথা তেলচুৰি কাণ্ডৰ মূল অভিযুক্ত পৰমানন্দ দাসক আটক কৰি বোকাখাত আৰক্ষী থানালৈ আনে৷ ঘটনাস্থলীৰ পৰা তেলচুৰিত ব্যৱহৃত টেংকাৰৰ লগতে বুজন পৰিমাণৰ খাৰুৱা তেল অবৈধভাৱে জমা কৰি থোৱা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে৷ আশ্চৰ্যজনকভাৱে, পৰমানন্দ দাসে উক্ত চৌহদটো বাগৰিৰ এগৰাকী লোকক লীজত দিয়া বুলি আৰক্ষীক অৱগত কৰে৷ সেই মৰ্মে বাগৰিৰ জনৈক আলি নামৰ এগৰাকী লোকৰ স'তে যোৱা ২৫ ফেব্ৰুৱাৰীত কৰা এখন চুক্তিপত্ৰ জমা দিয়ে আৰক্ষীক৷ তদুপৰি, লীজত দিয়া লোকজনে তেল চুৰি কৰিব পাৰে কিন্তু তেখেত নিজে জড়িত নহয় বুলি আৰক্ষীক অৱগত কৰে পৰমানন্দই৷

এক অভিযোগ অনুসৰি, তাৰ পাছতেই 'ওপৰৰ নিৰ্দেশ'ত বোকাখাত আৰক্ষীয়ে অভিযুক্ত পৰমানন্দ দাসক এৰি দিয়াৰ যো-জা চলায়৷ কিন্তু, নিজৰ বাসগৃহ চৌহদত দিনটোত তিনি-চাৰি বাৰকৈ অহা পৰমানন্দ দাসে তেল চুৰি কৰাৰ কথাটো গম নাপায় বুলি আৰক্ষীক আভুৱা ভাৰিছে বুলি ইতিমধ্যেই সংবাদ মাধ্যমে প্ৰকাশ কৰে৷ আনকি, সংবাদ মাধ্যমে খাৰুৱা তেলচোৰ পৰমানন্দ দাস যাতে সাৰি নাযায় সেই সম্বন্ধে বাতৰি পৰিৱেশন কৰে৷ তাৰ পাছতেই আজি অগপৰ পালিনেতাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

আনহাতে, 'ওপৰৰ নিৰ্দেশ'ত এৰি দিব বিচৰা অতুল বৰাৰ ঘনিষ্ঠ তেলচোৰ পৰমানন্দ দাসক হাতকেৰেয়া লগাই নিয়ে আদালতলৈ৷ তদুপৰি, তদন্তৰ হেতু তিনিদিনৰ বাবে জিম্মাত লৈছে বুলি জানিব পৰা গৈছে৷ ইফালে, এই চুৰি কাণ্ডত মন্ত্ৰী অতুল বৰাৰ ঘনিষ্ঠ আন এগৰাকী শ্ৰমিক নেতাৰ নাম বিভিন্নজনৰ মাজত উচ্চাৰিত হৈছে৷ অৱশ্যে ৰাজনৈতিক হাতোৰাই আৰক্ষীৰ তদন্ত কোন দিশে নিয়ে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in