বোকাখাতত নটসূৰ্য ফণী শৰ্মাৰ ‘ভোগজৰা’ মঞ্চস্থ…

বোকাখাতত নটসূৰ্য ফণী শৰ্মাৰ ‘ভোগজৰা’ মঞ্চস্থ…

ডিজিটেল সংবাদ, বোকাখাতঃ ৰূপজ্যোতি সংঘৰ নিবেদনত আৰু বোকাখাত নাট্য মন্দিৰৰ সহযোগত যোৱা ২১ ফেব্ৰুৱাৰীৰ সন্ধ্যা বোকাখাত নাট্যমন্দিৰত বোকাখাতৰ তৰুণ প্ৰজন্মৰ শিল্পী সকলদ্বাৰা পৰিবেশিত নটসূৰ্য ফণী শৰ্মাৰ ৰচনা আৰু বিশিষ্ট নাট পৰিচালক জাহ্নু বৰবৰা পৰিচালিত কালজয়ী নাট 'ভোগজৰা'ৰ সফল মঞ্চস্থ হৈ যায়। বোকাখাত নাট্যমন্দিৰৰ প্ৰাক্তন সভাপতি সদ্যপ্ৰয়াত গোলাপ কলিতা আৰু বিশিষ্ট নাট্যকাৰ-নাট পৰিচালক প্ৰয়াত সেৱাব্ৰত বৰুৱাৰ সোঁৱৰণত উচৰ্গিত নাট্য সন্ধ্যাটিৰ আঁত ধৰে বোকাখাত নাট্যমন্দিৰৰ সম্পাদক তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই।

নাটৰ আৰম্ভণিতে নটসূৰ্য ফণী শৰ্মা, প্ৰয়াত গোলাপ কলিতা আৰু প্ৰয়াত সেৱাব্ৰত বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে বোকাখাত নাট্যমন্দিৰৰ সভাপতি দিলীপ শইকীয়া, প্ৰবীন নাট্যকৰ্মী হৰিপ্ৰসাদ বৰঠাকুৰ আৰু বিশিষ্ট নাট্যকৰ্মী তথা বোকাখাত নাট্যমন্দিৰৰ সাংস্কৃতিক সম্পাদক বিমান বৰুৱাই। 'ভোগজৰা' নাটৰ পৰিচালক জাহ্নু বৰবৰাক এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। প্ৰয়াত সকলৰ আত্মাৰ সদগতি কামনা কৰি নাট পৰিবেশনৰ প্ৰাক মুহূৰ্তত উপস্থিত সকলোৱে এক মিনিট সময় মৌণ প্ৰাৰ্থনা কৰে।

'ভোগজৰা' নাটকৰ সহ পৰিচালক টিকেন্দ্ৰজিৎ দাস (এন এচ ডিয়ান, চিক্কিম)ৰ লগতে অভিনয়ত আছে জ্যোতিশিখা বৰা, অৰ্পিতা কাশ্যপ, শান্তিছায়া ডেকা, পূজা ৰাণী ফুকন, লোকপ্ৰিয়া বৰা, অনচুমা বৰুৱা, স্পৃহা বশিষ্ঠ, তৰালী পেগু, জোনমনী পাটগিৰি, চন্দ্ৰামিকা তাঁতি, ৰূপম বাহেক, অবিনাশ শর্মা, অভিলাষ বৰবৰা, প্ৰিয়াংশু প্ৰাঞ্জল, উতথ্য কাশ্যপ, প্ৰণৱ শইকীয়া, তৰুণ তীৰ্থ শইকীয়া, তন্ময় শইকীয়া, আকাশদ্বীপ শইকীয়া, মৃত্যুঞ্জয় শইকীয়া, টিকেন্দ্ৰজিৎ, অভিনৱ জ্যোতি ৰাজখোৱা, তন্ময় শইকীয়া, মৃত্যুঞ্জয় শইকীয়া আৰু বন্তি দাস।

কোনো ধৰণৰ বাণীবদ্ধ বা যন্ত্ৰ সংগীতৰ ব্যৱহাৰৰ পৰিবৰ্তে অসমীয়া পৰম্পৰাগত পোচাক পৰিধানেৰে তৰুণ প্ৰজন্মৰ শিল্পীয়ে নাট্যস্থানতে বজোৱা ডবা, ঢোল, কাঁহ, বাঁহী, শংখ আদি সম্পূৰ্ণ থলুৱা লোকবাদ্যৰে সুৰাৰোপিত সংগীতৰ প্ৰয়োগে দৰ্শকৰ মনত গভীৰ ৰেখাপাত কৰা পৰিলক্ষিত হ'ল। নাটখনিৰ সংগীতত আছিল ৰঞ্জিত কলিতা, মনজিৎ শৰ্মা, বৈদুয্য তামুলী, মঞ্জিত বৰা , প্ৰিয়বৎ কলিতা, ৰিজু বৰা হাজৰিকা আৰু ৰূপা হাজৰিকা । পোহৰ ৰাতুল বৰাৰ আৰু শব্দ বিতু কোঁৱৰ, ৰূপম শইকীয়াৰ ।

সাজসজ্জা তৰুণ তীৰ্থ শইকীয়াৰ। ৰূপসজ্জা লুইত দত্ত , বিশ্বজিৎ শইকীয়া আৰু অজন্তা তালুকদাৰৰ। মঞ্চ সজ্জা টিকেন্দ্ৰজিৎ দাস , মানস জ্যোতি গগৈ আৰু ৰঞ্জিত কলিতাৰ। উল্লেখ্য যে, নাট্য নগৰী বোকাখাতৰ নাট্যমন্দিৰত অনুষ্ঠিত 'ভোগজৰা'ই হ'ল দ্বিতীয়খন নাট। গৰিষ্ঠ সংখ্যক দৰ্শকৰ উপস্থিতিত সম্পূৰ্ণ তৰুণ প্ৰজন্মৰ শিল্পী সকলৰদ্বাৰা পৰিবেশিত নাটখনিয়ে প্ৰায় দুকুৰি বছৰীয়া ৰূপজ্যোতিৰ এক নতুন ইতিহাস গঢ়াৰ লগতে বোকাখাতত নাটকৰ এক নতুন অধ্যায়ৰ সূচনা কৰিলে বুলি সচেতন মহলত চৰ্চিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in