বোকাখাতৰ এখন জৰাজীৰ্ণ চিকিৎসালয়: ৫৭ বছৰে মেৰামতি নোহোৱা গৃহতে অব্যাহত চিকিৎসা সেৱা…

বোকাখাতৰ এখন জৰাজীৰ্ণ চিকিৎসালয়: ৫৭ বছৰে মেৰামতি নোহোৱা গৃহতে অব্যাহত চিকিৎসা সেৱা…

ডিজিটেল সংবাদ, বোকাখাতঃ ১৯৬৪ চনতে প্ৰতিষ্ঠা কৰা এখন চিকিৎসালয়। যিখন চিকিৎসালয়ে প্ৰতিষ্ঠা কালৰে পৰা আজিলৈকে মেৰামতি নোহোৱা এটা গৃহতে আগবঢ়াই আছে চিকিৎসা সেৱা। তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ দিনতে বৰ্তমানৰ বোকাখাত বিধান সভা সমষ্টিৰ দুসুঁতিমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাগড়াত এটা বৃহৎ বান অধ্যুষিত অঞ্চল সামৰি স্থাপন কৰা হৈছিল "দুসুঁতিমুখ ৰাজ্যিক চিকিৎসালয়"।

বৰ্তমান প্ৰায় ৩০ হাজাৰ জনসংখ্যাৰ প্ৰতি চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসালয়খনত বিগত ৫৬ বছৰে আন্তঃগাঁঠনিৰ নামত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ফুটাকৰি এটাও খৰচ নকৰাৰ ফলত চিকিৎসালয়খনৰ মূল গৃহটো যিকোনো মুহূৰ্তত ভাগি পৰা আশংকা কৰিছে স্থানীয় ৰাইজে। লগতে চিকিৎসক-নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ আৱাসগৃহ সমূহৰো জৰাজীৰ্ণ অৱস্থা ফলত স্থায়ী ভাৱে চিকিৎসালয়খনৰ চৌহদত থাকি চিকিৎসা সেৱা আগবঢ়াব পৰা নাই চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলে।"চিকিৎসালয়খনত ঔষধৰ নিয়মীয়া যোগান হৈ আছে, কিন্তু আমাৰ চিকিৎসাকৰ্মীসকল থাকিবলৈ উপযুক্ত আবাসগৃহৰ অভাৱত ৰাইজে আশা কৰাৰ দৰে আমি সেৱা আগবঢ়াব পৰা নাই"- চিকিৎসালয়খনৰ এগৰাকী নাৰ্ছে ক'লে এনেদৰে।

ইফালে, চিকিৎসালয়খনত নাই নিয়মীয়া বিদুৎ যোগান, যি এটা জেনেৰেটৰ আছিল সেইটোও বহু দিনৰ পৰাই বিকল হৈ থকাৰ ফলত ৰোগীৰ চিকিৎসা আৰু পৰীক্ষাৰ ক্ষেত্ৰত চিকিৎসালয়খনে গ্ৰহণ কৰিব পৰা নাই উপযুক্ত ব্যৱস্থা। বহুদিনৰ পৰাই বিদ্যুতৰ সমস্যাৰ ফলত বিভিন্ন পৰীক্ষা-নিৰীক্ষাকে আৰু যাবতীয় ঔষধ পাতি মজুত ৰাখিবলৈ ইয়াত অসুবিধা হয় বুলি জনাই এগৰাকী চিকিৎসাকৰ্মীৰ মন্তব্য আছিল এনেধৰণৰ। বৃহত্তৰ দুসুঁতিমুখ অঞ্চলটো বান বিধষ্ট অঞ্চল হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰৰ বানপানীৰ সময়ত ব্যাপক হাৰত ৰোগৰ প্ৰাদুৰ্ভাৱ হয় যদিও চিকিৎসালয়খনত নাই এম্বুলেঞ্চৰ ব্যৱস্থা। অৱশ্যে নুমলীগড় শোধনাগাৰৰ তৰফৰ পৰা এখন এম্বুলেঞ্চ প্ৰদান কৰিছিল যদিও এম্বুলেঞ্চখনৰ বৰ্তমানলৈকে হোৱা নাই পঞ্জীয়ন।

অৱশ্যে মিচিং স্বায়ত্ব পৰিষদে এখন এম্বুলেঞ্চ প্ৰদান কৰিছিল যদিও জহি খহি যোৱা এটা গৃহতে আছে পৰিত্যক্ত অৱস্থাত। "ৰোগী অনা-নিয়া কৰা ব্যৱস্থাটো অত্যন্ত শোচনীয়, মিচিং স্বায়ত্ত শাসিত পৰিষদে ইতিমধ্যে আন ঠাইত ব্যৱহাৰ হৈ থকা পুৰণি এম্বুলেন্স প্ৰদান কৰিছিল যদিও বৰ্তমান সেইখন বিকল"- এজন স্থানীয় ব্যক্তিৰ বক্তব্য। উল্লেখযোগ্য যে, কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ এই অত্যন্ত গুৰুত্বপূৰ্ণ চিকিৎসালয়খনৰ নামত দুৰ্ভাগ্যজনক ভাৱে মন্ত্ৰী গৰাকীৰ যোৱাটো কাৰ্যকালত লোৱা নহ'ল কোনো ব্যৱস্থা। আনকি জনসাধাৰণৰ বাৰম্বাৰ দাবীৰ পিছটো চিকিৎসালয় খনৰ আন্তঃগাঁঠনিৰ উন্নয়ণৰ বাবে এবাৰলৈ চিন্তা কৰা পৰিলক্ষিত হোৱা নাই গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in