বোকাখাতৰ কুৰুৱাবাহীত পথ দুৰ্ঘটনা,আহত দুজন চাইকেল আৰোহী…

বোকাখাতৰ কুৰুৱাবাহীত পথ দুৰ্ঘটনা,আহত দুজন চাইকেল আৰোহী…

ডিজিটেল সংবাদ, বোকাখাত : বৃহস্পতিবাৰে বোকাখাতৰ কুৰুৱাবাহীত এক পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটীৰ পৰা যোৰহাট অভিমুখি AS01-JC-5643 নম্বৰ ট্ৰাক খনে বোকাখাতৰ কুৰুৱাবাহী তিনি আলিৰ সমিপত ৩৭ নং ঘাই পথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

প্ৰতক্ষ্যদৰ্শীৰ মতে অভাৰ ল'ডিঙৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো।দুৰ্ঘটনাটোত দুজন স্থানীয় চাইকেল আৰোহী আঘাটপ্ৰাপ্ত হয়।আঘাটপ্ৰাপ্ত দুয়োজনকে সমিপৰ বিহৰা চাহ বাগিছা চিকিৎসালয়ত ভৰ্তি কৰা হয়।গুৱাহাটীৰ পৰা যোৰহাটলৈ চিমেণ্ট কঢ়িয়াই অনা ট্ৰকখনৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in