চাৰিলেন যুক্ত পথ নিৰ্মাণৰ নামত উচ্ছেদঃ ক্ষতিপূৰণ নিদিয়াকৈয়ে উচ্ছেদ কৰাৰ অভিযোগ উচ্ছেদিতৰ…

চাৰিলেন যুক্ত পথ নিৰ্মাণৰ নামত উচ্ছেদঃ ক্ষতিপূৰণ নিদিয়াকৈয়ে উচ্ছেদ কৰাৰ অভিযোগ উচ্ছেদিতৰ…

ডিজিটেল সংবাদ বোকাজানঃ বোকাজানত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। প্ৰশাসনৰ এই উচ্ছেদৰ পাছতেই উচ্ছেদিত লোকসকলে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকক ক্ষতিপূৰণ নিদিয়াকৈয়ে উচ্ছেদ কৰিছে কাৰ্বিআংলং স্বায়ত্ত্ব শাসিত পৰিষদে।যাৰ বাবে প্ৰশাসনৰ এই উচ্ছেদক বাধা দিবলৈও চেষ্টা কৰে উচ্ছেদিত পৰিয়ালসমূহে। যাৰ বাবে সৃষ্টি হয় হুলস্থুলীয়া পৰৱিশেৰ।

শনিবাৰে পুৱাই বোকাজান প্ৰশাসনে উচ্ছেদ অভিযান চলালে যদিও উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ হিচাপে প্ৰদান কৰিবলগীয়া ধন প্ৰদান কৰা নাই। আনহাতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে মেপত উল্লেখ কৰিছে উচ্ছেদিত মাটিখিনি সংৰক্ষিত বনাঞ্চলৰ মাটি। যাৰ বাবে উচ্ছেদিত লোকসকলক কেৱল ঘৰৰ ধনৰাশি ১০ লাখ টকা দিয়া হৈছে।

কাৰ্বিআংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ ফালৰ পৰা যদিও এই মন্তব্য কৰিছে উচ্ছেদিত পৰিয়ালে উচিত ক্ষতিপূৰণ লাভ নকৰাৰ কথা ঘোষণা কৰিছে। আনহাতে পৰিষদৰ ৰাজহ বিষয়াও উচ্ছেদিত লোকৰ অভিযোগ খণ্ডন কৰি কৈছে যে, ইতিমধ্যে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবত ক্ষতিপূৰণ হিচাপে আদায় দিয়া সম্পূৰ্ণ ধন আদায় কৰিছে লোকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in