বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান…

বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান…
  • বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
  • অভিযানত জব্দ প্ৰায় ৫ কিলোগ্ৰাম হেৰ'ইন।
  • ইছমাইল আলি নামৰ এজন যুৱকক আটক আৰক্ষীৰ।
  • মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত কাৰ্বি আংলঙ আৰক্ষীৰ বিশেষ নাকা তালাচীত AS01KC4951 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ হেৰ'ইন খিনি।
  • জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰমূল্য প্রায় ৩০ কোটি টকা বুলি জানিব পৰা গৈছে।
  • বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস , চক্ৰ বিষয়া ভূপেন কলিতা , ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু ছেত্ৰী আৰু আৰক্ষী বিষয়া মনোজ্জল গগৈৰ নেতৃত্বত বোকাজানত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
  • বিগত চাৰিমাহত কাৰ্বি আংলঙ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা হৈছে আৰু আজি পৰ্যন্ত প্রায় ৪০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in