বহৰি বজাৰত চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ অভিযান…

বহৰি বজাৰত চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ অভিযান…

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ লগতে চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত কোৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভয়াৱহ এই কোৰোনাৰ ফলত চেঙাত প্ৰতিদিনে বহু সংখ্যক লোক কোৰোনাত আক্ৰান্ত হৈ আছে। তথাপি একাংশ লোকৰ অসচেতনাৰ বাবে এইক্ষেত্ৰত উদ্বিগ্ন হৈ পৰিছে সাধাৰণ ৰাইজ।

উল্লেখ্য যে, তেনে এচাম অসচেতন লোকৰ বাবেই চেঙা, বহৰিকে ধৰি বিভিন্ন বজাৰত ধোঁৱাচাঙত উঠিছে কোভিড প্ৰট'কল। সামাজিক দূৰত্ব বজাই নাৰাখি জুম বান্ধি ভিৰ কৰিছে বজাৰ-সমাৰত।বিশেষকৈ পবিত্ৰ ঈদৰ বাবেই বজাৰ আৰু বেংকত দেখা গৈছে প্ৰট'কল বিহীন জনসমাগম। ইফালে কোভিডৰ সংক্ৰমণ অধিক হৈ থকাৰ পাছতো কোভিড প্ৰট'কল অমান্য কৰা সকলৰ বিৰুদ্ধে মঙলবাৰে সৰৱ হৈ পৰে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ আৰু তাৰাবাৰী আৰক্ষী।

মঙলবাৰে দিনৰ ভাগত চক্ৰ বিষয়াগৰাকীৰ নেতৃত্বত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে এটা আৰক্ষীৰ দলৰ সহযোগত বহৰি বজাৰত অভিযান চলাই আইন ভংগকাৰীসকলক জৰিমনা বিহে। সমান্তৰালকৈ মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলিবলৈ সকলোকে আহ্বান জনাই সহযোগিতা বিচাৰে।

ইফালে আগন্তুক ঈদুল ফিটৰৰ নামাজ সন্দৰ্ভত চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনা মানি চলিবলৈ সমূহ ৰাইজকে আহ্বান জনাইছে চেঙা ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰে। তেওঁ কয়-"ঈদৰ নামাজত পাঁচজনতকৈ অধিক লোক যাতে লগ নহয় তাৰ বাবে আহ্বান জনালোঁ।" ঈদগাহ আৰু মছজিদত সমূহীয়াকৈ ঈদৰ নামাজ পঢ়াৰ পৰা বিৰত থাকিবলৈও ৰাইজলৈ আহ্বান জনাইছে চক্ৰ বিষয়া নিতুল খাটনিয়াৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in