বঢ়মপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস, ১ হাজাৰ গছপুলি বিতৰণৰ ব্যতিক্ৰমী কাৰ্যসূচী…

বঢ়মপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস, ১ হাজাৰ গছপুলি বিতৰণৰ ব্যতিক্ৰমী কাৰ্যসূচী…

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছক্লাৱে "সেউজী ধৰণী ধুনীয়া"আদৰ্শৰে অনুপ্ৰাণিত হৈ বৃক্ষৰোপনৰ কাৰ্যসূচীৰে উদযাপন কৰিলে দ্বাদশতম প্ৰতিষ্ঠা দিৱস ।বঢ়মপুৰ প্ৰেছক্লাৱে অনুষ্ঠানটিৰ দ্বাদশতম প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি বিগত বৰ্ষসমুহৰ দৰেই এক বিস্তৃত বৃক্ষ ৰোপনৰ কাৰ্যসূচীৰে "সেউজী ধৰণী ধুনীয়া " ধাৰণা সমাজত প্ৰতিষ্ঠা কৰিবলৈ সমগ্ৰ অঞ্চলত ১০০০ মূল্যবান গছপুলি বিতৰণ কৰে ।

গছপুলি বিতৰণৰ সময়ত "এক বৃক্ষ দশ গুণীপুত্ৰৰ সমান" "গছক কৰিবা যতন, সময়ত মিলিব ৰতন"  শ্লগানেৰে জনমানসত সজাগতা সৃষ্টিৰ বাবে লোৱা কাৰ্যসূচীয়ে ব্যাপক সহাৰি লাভ কৰা দেখা যায় । এই উপলক্ষে আয়োজিত এখনি সভাত অংশগ্ৰহণ কৰে নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক কনকচন্দ্ৰ হাজৰিকা প্ৰমূখ্যে কেইবাগৰাকী সাংবাদিক, স্থানীয় কবি-শিল্পী তথা অঞ্চলৰ গণ্য-মান্য ব্যক্তিয়ে ।

জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱ বৰ্মনে সভাপতিত্ব কৰা ৰাজহুৱা সভাখনতেই সমষ্টিটোলৈ গৌৰৱ কঢ়িয়াই অনা বঢ়মপুৰৰ দুই সুযোগ্য সন্তান অংকুৰ ৰাজ কাশ্যপ আৰু দীপ শইকীয়াক সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰতে ক্ৰমে সপ্তম আৰু অষ্টম স্হান লাভ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই একনিষ্ঠাৰে নিজৰ জীৱন উদ্ভাসিত কৰা কৃতী ছাত্ৰ দুগৰাকীৰ শলাগ লয় ।

জিলা বন বিষয়া গৰাকীৰ উপস্হিতিয়ে কেৱল অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাই নহয়,বৃক্ষ ৰোপনৰ মহান কাৰ্যসূচীক এক অন্য মাত্ৰা প্ৰদান কৰে ‌। বিশেষ কৈ বঢ়মপুৰ শ্বহীদ ভৱন,বঢ়মপুৰ পাঞ্চজন্য আঞ্চলিক শংকৰদেৱ সংঘত বৃক্ষ ৰোপনৰ কাৰ্যসূচী প্ৰণিধানযোগ্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in