বঢ়মপুৰত ‘৪২ৰ গণ আন্দোলনৰ চাৰি শ্বহীদক সশ্ৰদ্ধ স্মৰণ কংগ্ৰেছ-অগপ-বিজেপিৰ…

বঢ়মপুৰত ‘৪২ৰ গণ আন্দোলনৰ চাৰি শ্বহীদক সশ্ৰদ্ধ স্মৰণ কংগ্ৰেছ-অগপ-বিজেপিৰ…

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰত আজি ৪২ ৰ গণ আন্দোলনৰ চাৰি শ্বহীদ ক্রমে ভোগেশ্বৰী ফুকননী, ঠগি সুত, বলো সুত আৰু লক্ষী হাজৰিকাক সুকীয়া সুকীয়াকৈ কংগ্ৰেছ , অগপ আৰু বিজেপিয়ে শ্ৰদ্ধাৰে সোঁৱৰে ।

শুকুৰবাৰে পুৱা ভাগত এই উপলক্ষে, কংগ্ৰেছৰ দ্বাৰা আয়োজিত এখন সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্বহীদসকলৰ ত্যাগ আৰু আদৰ্শক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে মুক্তিযোদ্ধাসকলৰ ত্যাগৰ বিষয়েও উল্লেখ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰেশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিশ্বত মহামাৰী ৰোগ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত সকলোকে সঘনে হাত ধোৱা আৰু মাস্ক পৰিধান কৰাৰ ওপৰত সজাগতামূলক বক্তব্য আগবঢ়ায় ।

উক্ত সভাত চাৰি শ্বহীদৰ পৰিয়ালৰ লগতে মুক্তিযোদ্ধাসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ইয়াৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বঢ়মপুৰস্থিত শ্বহীদ বেদী আৰু শ্বহীদ উদ্যানত চাৰি শ্বহীদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে । ইফালে প্ৰাক্তন মন্ত্ৰীগৰাকীক সভাৰ অন্তত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত কয় যে ,অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ১২৬ টা সমষ্টিৰ ভিতৰত এক উল্লেখনীয় সাফল্য লাভ কৰিব ।

একেদৰে ৰাজ্যৰ অন্যান্য সমষ্টিটো কংগ্ৰেছ দলে বিপুল সমাদৰ লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে । কংগ্ৰেছ বিধায়নী দলৰ উপসভাপতিগৰাকীয়ে সাংবাদিকৰ আন এক প্ৰশ্নোত্তৰত নৱগঠিত ৰাজনৈতিক দলটোক লৈ কংগ্ৰেছ চিন্তিত নহয় বুলি মন্তব্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজক সকলো ক্ষেত্ৰতে প্ৰতাৰণা কৰা বিজেপি দলক যিকোনো প্ৰকাৰে প্ৰতিহত কৰাৰ লক্ষ্যৰে নতুন ৰাজনৈতিক দলটোক কংগ্ৰেছৰ সৈতে মহাজোঁটত আহিবৰ বাবে আহ্বান জনায় ।

উল্লেখ্য যে, এজিপি আৰু বিজেপি দলৰ বিষয়ববীয়াসকলেও আজি সুকীয়া – সুকীয়াকৈ বঢ়মপুৰৰ চাৰি শ্বহীদক সশ্ৰদ্ধ স্মৰণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে বঢ়মপুৰৰ নৱসুৰুজ গোষ্ঠী আৰু জাগৰণ সচেতন নাগৰিক মঞ্চই শ্বহীদ সকলক বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনোৱাৰ লগতে ৰাজনৈতিক দলসমূহে সুকীয়া-সুকীয়াকৈ শ্বহীদ দিৱস উদযাপন কৰাক লৈ আচৰিত হৈ কয় যে, শ্বহীদ সকলক লৈ সকলো ৰাজনৈতিক দলেই ৰাজনীতি কৰি আহিছে গতিকে এইক্ষেত্ৰত ৰাজনীতিৰ পৰা আঁতৰত থাকি সমুহ বঢ়মপুৰবাসীৰ উদ্যোগত ঐক্যবদ্ধভাবে অন্ততঃ শ্বহীদ সকললৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ আহ্বান জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in