দৈনিক বড়ো কাকত ‘বড়োলেণ্ড চানশ্ৰী’ৰ সম্পাদক জহৰ ব্ৰহ্মৰ মৃত্যু

দৈনিক বড়ো কাকত ‘বড়োলেণ্ড চানশ্ৰী’ৰ সম্পাদক জহৰ ব্ৰহ্মৰ মৃত্যু

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ পৰা প্ৰকাশিত দৈনিক বড়ো বাতৰি কাকত "বড়োলেণ্ড চানশ্ৰী"ৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী জহৰ ব্ৰহ্ম (৬৮) কালি নিশা ১১:৪৫ বজাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

জাপাানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বিগত কেবাসপ্তাহ ধৰি গুৱাহাটীৰ এখন ব্যাক্তিগতখণ্ডৰ নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় জহৰ ব্ৰহ্মই। ব্ৰহ্মৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে কোকৰাঝাৰত শোকৰ ছাঁ পৰিছে।

নাথ যোগী ছাত্ৰ সন্থা, কোকৰাঝাৰ প্ৰেছ ক্লাৱকে ধৰি কেবাটাও দল সংগঠনে ব্ৰহ্মৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ব্ৰহ্মৰ মৃত্যু সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছে।

মৃত্যুৰ সময়ত ব্ৰহ্মই পত্নী,  ৩ সন্তানৰ লগতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে প্ৰয়াত ব্ৰহ্মৰ একমাত্ৰ পুত্ৰ শিৱনাথ ব্ৰহ্ম সম্প্ৰতি ৰাজ্যিক বিজেপিৰ সম্পাদক পদত অধিষ্ঠিত হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in