সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা

সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা
  • সোমবাৰে স্বাক্ষৰিত হ'ব তৃতীয়খন বড়ো চুক্তি।
  • এই চুক্তি স্বাক্ষৰ হোৱাৰ বাবে সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰুওৱা হৈছে বগা পতাকা।
  • সকলো বড়ো সংগঠনৰ নেতৃত্বই তেওঁলোকৰ বাসগৃহ আৰু কাৰ্যালয়সমূহত এসপ্তাহজুৰি বগা পতাকা উত্তোলন কৰিব।
  • বৰমাটো উৰিল বগা পতাকা।
  • বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ কাৰ্যালয়ত পুৱাই উৰিল বগা পতাকা।
  • উল্লেখ্য যে, বড়ো সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে এই চু্ক্তি স্বাক্ষৰ কৰা হ'ব।
  • উল্লেখ্য যে, বগা পতাকা উত্তোলনৰ পিছতে সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হ'ব।
  • চুক্তি সুন্দৰভাৱে স্বাক্ষৰ হোৱাৰ কামনাৰে বগা পতাকা উত্তোলন বিভিন্ন স্থানত।
  • বড়ো সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে পুৱা ১১ বজাত এনডিএফবিৰ নেতৃবৰ্গ, এবছুকে ধৰি বড়ো জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে প্ৰস্তাৱিত শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ সম্ভাৱনা আছে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰ হ'ব চুক্তিখন।
  • ইফালে এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in