সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ

সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু পথাৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক কেন্দ্ৰীয় অধিৱেশন। প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হোৱা অধিবেশনখনক লৈ উখল মাখল হৈ পৰিছে খৈৰাবাৰীৰ দাউহাৰু পথাৰ। প্ৰায় ৫০০ বিঘা মাটি সামৰি লোৱা অধিৱেশনস্থলীত দৃষ্টিনন্দনভাৱে সাজি উলিওৱা হৈছে শ্বহীদ বেদী, পতাকা উত্তোলনস্থলী, তোৰণ, মূল মঞ্চ, মণ্ডপ, প্ৰদৰ্শনী, গ্ৰন্থমেলা, প্ৰতিনিধি শিৱিৰ, অতিথিশালা, ভোজনালয় আদি।

একেলগে ৫ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিয়াইছে সুবিশাল ভোজনালয়। ৫ হাজাৰৰো অধিক প্ৰতিনিধি থাকিবলৈ নিৰ্মাণ কৰি থকা হৈছে প্ৰতিনিধি শিবিৰ। ১০ হাজাৰৰো অধিক লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে সভা ঘৰ। অতিথি সকলক আদৰিবলৈ খৈৰাবাৰীৰ বিভিন্ন প্ৰান্তত বড়ো পৰম্পৰাগত লোক সংস্কৃতিৰ সমাহাৰ ঘটিছে৷ চৌদিশে বড়ো পৰম্পৰাগত বেশ-ভূষাত পুৰুষ-মহিলাসকলে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে৷

সোমবাৰে পুৱা ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই প্ৰয়াত লম্বোধৰ বড়ো সোঁৱৰণী মূল প্ৰৱেশ দ্বাৰ উদ্বোধন কৰি অধিৱেশনৰ শুভাৰম্ভ কৰে৷ ছহিদ ঘনকান্ত বড়ো সোঁৱৰণী স্বেচ্ছাসেৱক শিৱিৰ মুকলি কৰে খৈৰাবাৰী কলেজৰ অধ্যক্ষ হিৰণ ডেকা নাৰ্জীয়ে৷ ইয়াৰ পিছতে ছহিদ নৱীন নাৰ্জাৰী সোঁৱৰণী স্বেচ্ছাসেৱক শিৱিৰ মুকলি কৰে ক্ৰমে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু সাহিত্য একাডেমি বঁটা প্ৰাপক সাহিত্যিক ড০ ৰীতা বড়োয়ে৷ ধনৰাম সোঁৱৰণী অতিথিশালা উদ্বোধন কৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসে৷

আনহাতে, ছহিদ দেৱেন বড়ো সোঁৱৰণী বজাৰ মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে৷ বিপিন বসুমতাৰী সোঁৱৰণী ভোজনালয় মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে৷ দলেশ্বৰ বড়ো সোঁৱৰণী মুল মঞ্চ উদ্বোধন কৰে এবছুৰ উপ সভাপতি দ্বীপেন বড়োয়ে৷ ধনেশ্বৰ স্বৰ্গীয়াৰী সোঁৱৰণী প্ৰতিনিধি শিৱিৰ মুকলি কৰে ভেৰগাঁও মহকুমাধিপতি (সদৰ) গকুল চন্দ্ৰ ব্ৰহ্মই৷ শ্যামাৰাম বড়ো সোঁৱৰণী প্ৰদৰ্শনী উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে৷ 

অসমৰ লগতে নেপাল, বাংলাদেশ আদিৰ অতিথি তথা দেশ-বিদেশৰ প্ৰতিনিধিয়ে অধিৱেশনত অংশগ্ৰহণৰ বাবে অগ্ৰসৰ হোৱা বুলি উদ্যোগতাসকলে জনাইছে৷ অধিৱেশনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, অধ্যাপক ডি.জি. ৰাও, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি কুলধৰ শইকীয়া, মন্ত্ৰী ক্ৰমে প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰিহণ দৈমাৰী, চন্দন ব্ৰহ্ম, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, সাংসদ বিশ্বজিত দৈমাৰী, প্ৰাক্তন সাংসদদ্বয় ইউ. জি. ব্ৰহ্ম, চাঞ্চুমা খুংগুৰ বিচমুথাৰীকে ধৰি যথেষ্ট সংখ্যক অতিথি উপস্থিত থাকিব৷

সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিটিচিৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰীয়ে। এই অধিৱেশনখনিতে বড়ো জাতিৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ সন্দৰ্ভত লিখি উলিওৱা 'ই-থুনলাই' নামৰ এখন ডিজিটেল কিতাপ উন্মোচন কৰা হ'ব। অধিৱেশনখনিয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভাৱ বৃদ্ধি কৰিব বুলি উদ্যোগতাসকলে কামনা কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in