শেহতীয়া খবৰ
মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...

কাবুলৰ গুৰুদ্বাৰত দুটাকৈ বিস্ফোৰণ, গুলী চলানা…

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলত থকা এটা গুৰুদ্বাৰত পুৱাই সংঘটিত হয় ভয়ংকৰ বিস্ফোেৰণ। কাবুলৰ কাৰতে-পাৰৱান গুৰুদ্বাৰত শনিবাৰে পুৱাই এটা সন্ত্ৰসাবাদী গোটে দুটাকৈ বিস্ফোৰণ সংঘটিত কৰাৰ উপৰিও গুলী চালনা কৰে। ফলত গুৰুদ্বৰটো ধ্বংস হোৱাৰ লগতে গুৰুদ্বাৰ ৰক্ষী নিহত হৈছে।

বৰ্তমানলৈকে এই ঘটনাত কিমান লোক নিহত হৈছে সেই খবৰ জানিব পৰা হোৱা নাই যদিও বহু লোক নিহত হোৱাৰ অনুমান কৰা হৈছে। বিস্ফোৰণত ধ্বংস হোৱা গুৰুদ্বাৰটোত এতিয়াও বহু শিখ ধৰ্মীয় লোক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। এই বিস্ফোৰণ আৰু গুলী চালনা কোনটো সন্ত্ৰাসবাদী গোটে আৰু কিয় সংঘটিত কৰিলে সেই বিষয়েও সবিশেষ তথ্য প্ৰকাশ পোৱা নাই।