বিজেপিত আনুষ্ঠানিকভাৱে যোগদান ৩ কংগ্ৰেছ বিধায়কৰ

 সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মোক্ষম আঘাত। আজি বিজেপিত যোগদান কৰে ৩ কংগ্ৰেছ বিধায়কে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-05 at 9.20.30 AM

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মোক্ষম আঘাত। আজি বিজেপিত যোগদান তিনি কংগ্ৰেছ বিধায়কৰ। বশিষ্ঠৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে এই তিনি কংগ্ৰেছ বিধায়কে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলাপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিতা।  

উল্লেখযোগ্য যে, শশীকান্ত দাস, কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিত যোগদান কৰে। লগতে শশীকান্ত দাস ৰহাৰ কংগ্ৰেছৰ বিধায়ক, আনহাতে কৰিমগঞ্জ উত্তৰ সমষ্টিৰ কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাস মঙলদৈ সমষ্টিৰ বিধায়ক।আনফালে, বিজেপিত যোগদান কৰে তৃণমূল যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় সাঃ সম্পাদক কংকন নাথৰ লগতে APCCৰ প্ৰাক্তন যুটীয়া সম্পাদক পাৰ্শ্ব বব কলিতাই। 

বিজেপি