মহাৰাষ্ট্ৰৰ বিধানসভাত ‘বন্দে মাতৰম’ নোগোৱাক লৈ বিৰোধীৰ প্ৰশ্ন, উদ্ধৱ থাকৰেৰ শপত গ্ৰহণ অসংবিধানিক আখ্যা

মহাৰাষ্ট্ৰৰ বিধানসভাত ‘বন্দে মাতৰম’ নোগোৱাক লৈ বিৰোধীৰ প্ৰশ্ন, উদ্ধৱ থাকৰেৰ শপত গ্ৰহণ অসংবিধানিক আখ্যা

ডিজিটেল ডেস্কঃ আশা নিৰূপভাৱেই মহাৰাষ্ট্ৰৰ বিধানসভাত উদ্ধৱ থাকৰে নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিলে । ২৮৮জনীয়া মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত চৰকাৰক সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ বাবে ১৪৫জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন আছিল যদিও কংগ্ৰেছ-শিৱসেনা-এনচিপি মিত্ৰজোঁটৰ চৰকাৰে ১৬৯জন বিধায়কৰ সমৰ্থন লাভ কৰে।

ইফালে, সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতেই নৱ গঠিত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি সদন ত্যাগ কৰে বিৰোধী বিজেপিৰ বিধায়কে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ বিধায়িনী দলৰ নেতা দেৱেন্দ্ৰ ফড়নবিছে অধ্যক্ষ সলনি কৰি দিলীৱ ৱালছেক নিযুক্তি দিয়া বিষয়টো অনীতিগত আখ্যা দিয়ে।

সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়তে বিৰোধীয়ে কয়- প্ৰথমে বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন হ'ব লাগিছিল আৰু তাৰ পাছতহে এই চৰকাৰে সংখ্যা গৰিষ্ঠতাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিছিল। অধ্যক্ষ নিৰ্বাচন নকৰাকৈ আস্থা ভোট অনুষ্ঠিত কৰাতো সংবিধানক অপমানিত কৰা বুলি মন্তব্য কৰে ফড়নবিছে।

আনহাতে, পৰম্পৰা অনুসৰি বন্দে মাতৰমৰ জৰিয়তে বিধানসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ নিয়ম যদিও, সেই নিয়ম উলংঘা কৰা বুলি অভিযোগ তুলে বিৰোধী বিজেপিয়ে। এই চৰকাৰৰ বিৰুদ্ধে বিধানসভাৰ আস্থা ভোটৰ সন্মুখীন হোৱা প্ৰক্ৰিয়াটো অনীতিগত তথা অসংবিধানিক বুলি আখ্যা দি ৰাজ্যপালক এই সন্দৰ্ভত অভিযোগ দাখিল কৰিব বুলিও সংবাদমাধ্যমক জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ বিধায়িনী দলৰ নেতাগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in