‘জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নাম মোডীজীৰ নামেৰে নামাকৰণ কৰিব লাগে’- বিজেপি সাংসদ হংসৰাজ হংস…

‘জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নাম মোডীজীৰ নামেৰে নামাকৰণ কৰিব লাগে’- বিজেপি সাংসদ হংসৰাজ হংস…

ডিজিটেল ডেস্কঃ দেওবাৰে বিজেপি সাংসদ হংসৰাজ হংসই উত্থাপন কৰিলে এক দাবী। সাংসদগৰাকীয়ে কয় যে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ)ৰ নাম প্ৰধানমন্ত্ৰীৰ মোডীৰ নামেৰে নামাকৰণ কৰিব লাগে। তেওঁ লগতে কয়- 'মোডীজীয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। সেয়েহে কোৱা হয় যে, মোডী থাকিলে সকলো সম্ভৱ।' বিশ্ববিদ্যালয়খনত আয়োজন কৰা এক অনুষ্ঠানত এই মন্তব্য কৰে বিজেপি সাংসদগৰাকীয়ে।

তেওঁ লগতেজম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়াব্যক্ত কৰে। বিধায়ক হংসই কয়- 'মই সুখী যে, এতিয়া কাশ্মীৰ সঁচাকৈ ভূস্বৰ্গত পৰিণতহ'বলৈ ওলাইছে। সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা সিদ্ধান্তটো সকলোৱে ভাল পাইছে।এতিয়া আশা কৰো সকলোৱে শান্তিৰে জীৱন যাপন কৰিব। আৰু তাত যেন বোমা বিস্ফোৰণ নহয়।কিয়নো আমাৰ পক্ষৰে হওঁক বা শত্ৰু পক্ষৰে হওঁক, যিজন মানুহ বোমা বিস্ফোৰণত নিহততেওঁ এগৰাকী মাতৃৰে সন্তান।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in