‘কা’ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা বাবেই এইবাৰ মাইক্ৰ’চফ্টৰ চি ই অ’ৰ বিৰুদ্ধে সৰৱ হ’ল বিজেপি…

‘কা’ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা বাবেই এইবাৰ মাইক্ৰ’চফ্টৰ চি ই অ’ৰ বিৰুদ্ধে সৰৱ হ’ল বিজেপি…

ডিজিটেল ডেস্কঃ মাইক্ৰচফ্টৰ চি ই অ' সত্য নডেলাই ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ আৱশ্যকতা নাই বুলি মন্তব্য কৰাৰ পিছতে মাইক্ৰচফ্টৰ চি ই অ' গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি। বিজেপিৰ নেত্ৰী মিনাক্ষী লেখীয়ে মঙলবাৰে টুইট কৰি পাকে-প্ৰকাৰে সত্য নডেলাক অশিক্ষিত আখ্যা দিয়াও পৰিলক্ষিত হয়।

সোমবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাইক্ৰচফ্ট কোম্পানীৰ চি ই অ' সত্য নডেলাই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছতে মঙলবাৰে মিনাক্ষী লেখীয়ে 'সাক্ষৰ লোক সকল শিক্ষিত হোৱাও আৱশ্যক' বুলি টুইটযোগে মন্তব্য কৰে। বিজেপি নেত্ৰীগৰাকীয়ে টুইটত লিখিছে, 'সাক্ষৰ লোকসকল শিক্ষিত হোৱা আৱশ্যক। এয়া এক সঠিক উদাহৰণ। 'কা' অনাৰ কাৰণ হৈছে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত নিৰ্যাতনৰ বলি হোৱা সংখ্যালঘু লোকসকলক সুযোগ প্ৰদান কৰা। যদি আমেৰিকাত য়েজেদিছসকলৰ পৰিৱৰ্তে চিৰিয়াৰ মুছলমান সকলক এই সুযোগ প্ৰদান কৰা হয়, তেন্তে কেনে হয়?'

উল্লেখ্য যে, ইয়াৰ পূৰ্বে সোমবাৰে মাইক্ৰচফ্টৰ চি ই অ' সত্য নডেলাই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। তেওঁ কৈছিল- 'মই ভাৱো যিবোৰ হৈ আছে, সেয়া অত্যন্ত দুখজনক… এয়া ভাল হোৱা নাই…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in