ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি যদুকূল ধ্বংসৰ আখৰা? কোৰোনাৰ মাজতে শিলাদিত্যৰ ধুমুহা…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি যদুকূল ধ্বংসৰ আখৰা? দুদিনৰ আগলৈকে বিজেপি বিৰোধী কথা কোনোবাই ক'লেই জাঙুৰ খাই উঠা দলটোৰ এজন বিধায়কৰ শেহতীয়াকৈ হয়তো মোহভংগ হৈছে। সেয়ে দলটোত থাকিব নোৱাৰিব বুলি নিশ্চিত হৈ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসলৈ এইগৰাকী বিধায়কে দলীয় সভ্যপদৰ পদত্যাগ প্ৰেৰণ কৰাৰ খবৰ ওলাইছে। এই বিধায়কগৰাকী আন কোনো নহয়, বিতৰ্কিত মন্তব্যৰে কিছুদিন আগলৈকে সংবাদ মাধ্যম গৰম কৰি থকা কঠুৰপন্থী বিজেপি নেতা শিলাদিত্য দেৱ।

সততে বিতৰ্কত থকা শিলাদিত্য দেৱ নামৰ বিধায়ক গৰাকীয়ে হঠাৎ এইবাৰ বিজেপি নেতৃত্বৰ বিৰুদ্ধেই অভিযোগ উত্থাপন কৰি ঘোষণা কৰিছে যে- ১৪-১৫ জুলাইৰ ভিতৰত তেওঁ দলীয় পদ এৰিব। অৱশ্যে হকে বিহকে পূৰ্বতেও কিছু বিতৰ্কিত মন্তব্যৰ বাবে দলৰ ভিতৰচৰাতেই সমালোচিত হৈছিল এইজন বিধায়ক।

এইবাৰ সংবাদমাধ্যমৰ সন্মুখত বিজেপি এৰাৰ সিদ্ধান্ত লোৱাৰ কথা নিজ মুখে ঘোষণা কৰি তেওঁ দলটোৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধেই আঙুলি টোৱালে। নিৰ্বাচনলৈ মাজত মাত্ৰ ১০ মাহ থকা অৱস্থাত বিজেপিৰ এই বিধায়কগৰাকীয়ে দল এৰাৰ ঘোষণা কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগেই দলটোৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে, তেওঁ সংবাদমাধ্যমক সদৰী কৰা মতে, ১০ মাহৰ পাছত হ'ব লগা নিৰ্বাচনৰ সময়ত তেওঁক এলাগী কৰাৰ পূৰ্বেই দলত্যাগৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিবলৈ লৈছে। অৱশ্যে তেওঁক এলাগী কৰিবলৈ দলে কি প্ৰস্তুতি চলাইছে সেই সন্দৰ্ভত সংবাদমাধ্যমক বিতংককৈ একো জনোৱা নাই। আনহাতে, বিজেপি ত্যাগ কৰিলেও আন কোনো দললৈ তেওঁ নাযায় বুলি উল্লেখ কৰি ৰাইজৰ প্ৰতিনিধি হিচাপেই কাম কৰি যোৱাৰ কথাও সংবাদমাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰে।

অৱশ্যে এই পদত্যাগক বিজেপিৰে এক সূত্ৰই নাটক আখ্যা দিছে।আগন্তুক অসম বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নোপোৱাতো নিশ্চিত হোৱাৰ বাবেই শিলাদিত্য দেৱে এই নাটকৰ পাতনি মেলা বুলিও এচামে ক'ব খোজে। সেয়া যিয়ে নহওঁক, বিজেপিৰ বৰ্তমানৰ চৰকাৰৰ কাম কাজত যে দলটোৰ একাংশ নেতাৰ মাজত বিসম্বাদে গা কৰি উঠিছে সেই কথা প্ৰমাণ কৰিলে এই বহুবল্কী নেতাজনৰ পদত্যাগৰ ঘটনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in