বিজেপি এটা সাম্প্ৰদায়িক দল, মই ২০০৯তে দলটোৰ আচল ৰূপ দেখিছিলোঃ নবীন পাটনায়ক

বিজেপি এটা সাম্প্ৰদায়িক দল, মই ২০০৯তে দলটোৰ আচল ৰূপ দেখিছিলোঃ নবীন পাটনায়ক

ডিজিটেল ডেস্কঃ 'বিজেপি সদায় এটা সাম্প্ৰদায়িক দল।' -এই মন্তব্য ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ। মঙলবাৰে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত একালৰ বিজেপিৰ সহযোগী দল বিজু জনতা দলৰ অধ্যক্ষ তথা ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বিজেপিক এটা সাম্প্ৰদায়িক দল বুলি অভিহিত কৰে। কেৱল সেয়াই নহয়, দেশৰ বাবে, ৰাজনীতিৰ বাবে বিজেপি কংগ্ৰেছ দলতকৈও মাৰাত্মক বুলি মন্তব্য কৰে ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৯৯৮ৰ পৰা ২০০৯ চনলৈকে বিজেপিৰ সহযোগী দল হৈ থকা বিজু জনতা দলৰ অধ্যক্ষ গৰাকীয়ে কয়, 'পূৰ্বে বিজেপি ইমানো বেছি সাম্প্ৰদায়িক নাছিল। কিন্তু লাহে লাহে দলটোৰ সাম্প্ৰদায়িকতা বৃদ্ধি পালে। ২০০৯ চনত কন্ধমালাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পিচতে দলটোৰ প্ৰকৃত চৰিত্ৰ মই চিনি পালো। যাৰ বাবে মই দলটোৰ লগত সম্পৰ্কই ছেদ কৰি দিছিলো।'

উল্লেখ্য যে, বিজু জনতা দল আৰু বিজেপিৰ মাজৰ সম্পৰ্কৰ মাজত মতবিৰোধ থাকিলেও ২০১৯ৰ লোকসভা নিৰ্বাচনত দুয়োটা দলৰ মাজত পুনৰ মিত্ৰতা স্থাপন হোৱাৰ চৰ্চা চলিছিল। কিন্তু মুখ্যমন্ত্ৰী নবীন পাটনায়কে সেয়া সম্পূৰ্ণৰূপে খাৰিজ কৰে। কোনো পধ্যেই বিজেপিৰ সৈতে বিজেডিয়ে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা স্থাপন কৰাতকৈ অকলেই পৰাজয় বৰণ কৰাটো বেছি শ্ৰেয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in