সন্মুখত পঞ্চায়ত নিৰ্বাচনঃ ৰণজিৎ দাসৰ গৃহ সমষ্টিত বিজেপিৰ ৰণডংকা

সন্মুখত পঞ্চায়ত নিৰ্বাচনঃ ৰণজিৎ দাসৰ গৃহ সমষ্টিত বিজেপিৰ ৰণডংকা

ডিজিটেল সংবাদ, শালবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বিভিন্ন ৰাজনৈতিক দলে ব্যাপক হাৰত প্ৰচাৰ কাৰ্য চলোৱা দেখিবলৈ পোৱা গৈছে। দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগৰ গোৱৰ্দ্ধনাত ভাৰতীয় জনতা পাৰ্টীৰ ৯২ নং গোৱৰ্দ্ধনা গাওঁ পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী অঞ্জলী দাস বৰ্মন, ৮ নং জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী লক্ষ্মী বড়ো আৰু ৮ নং গোৱৰ্দ্ধনা অঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী দুলাল সৰকাৰে ব্যতিক্ৰমী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়।

গোৱৰ্দ্ধনাৰ হতাপাৰা, গামাৰিগুৰী আদি অঞ্চলত তিনিওজন প্ৰাৰ্থীয়ে শতাধিক মহিলা, দলীয় কৰ্মীক লগত লৈ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰে৷ ভাৰতীয় জনতা পাৰ্টীৰ আজিৰ এই ব্যতিক্ৰমী প্ৰচাৰ অভিযানত প্ৰাৰ্থীসকলৰ সৈতে সংগ দিয়ে গোৱৰ্দ্ধনা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি নিলকমল দাস, গোৱৰ্দ্ধনা মণ্ডল বিজেপিৰ সহকাৰী সম্পাদক সুব্ৰত কান্তিৰ লগতে গোৱৰ্দ্ধনা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী সৰজু বৰ্মনে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in