কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ…

কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ…

ডিজিটেল ডেস্কঃ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰাত থকা কৃষক নেতা অখিল গগৈৰ দেহত কোৰোনা সদৃশ লক্ষণে দেখা দিয়া খবৰ অস্বীকাৰ কৰিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। সংবাদমেলত এই কথা জনালে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে।

ইয়াৰ বিপৰীতে এক সূত্ৰই কা বিৰোধী আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈ জ্বৰ আৰু মূৰ বিষত আক্ৰান্ত বুলি সদৰী কৰিছিল। এই সন্দৰ্ভত বিকাশ তামুলীয়ে ছ'চিয়েল মিডিয়াযোগে সেই খবৰ পোৱা বুলি সদৰী কৰে যদিও তেওঁৰ হাততো ইয়াৰ নিশ্চিত তথ্য নাই বুলি জনাইছিল।

ইফালে, অখিল গগৈৰ সৈতে কা বিৰোধী আন্দোলনৰ গোচৰত গ্ৰেপ্তাৰ কৰা আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰে আন এজন নেতা বিতু সোণোৱালৰো জ্বৰ সদৃশ লক্ষণে দেখা দিয়াত অসুস্থ হৈ পৰা বুলি আন এক খবৰ আহিছে।

এই সন্দৰ্ভত কৃষক মুক্তিৰ এক সূত্ৰেই জানিবলৈ দিয়া মতে, কাৰাগাৰৰ পৰা তেনে এক খবৰ আহিছে যদিও, এই দুই গৰাকী নেতাৰ শ্বাব টেষ্ট এই পৰ্যন্তলৈকে কৰাৰ কোনো ব্যৱস্থা লোৱা নাই কাৰাগাৰ প্ৰশাসনে।

সূত্ৰটোৱে লগতে কয়- যোৱা ডেৰ-দুমাহ ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা অখিল গগৈ, বিতু সোণোৱালকে ধৰি আন কৃষক মুক্তিৰ কাৰাবন্দী হৈ থকা নেতাসকলক সাক্ষাতৰ অনুমতি দিয়া নাই। কাৰাগাৰত তেওঁলোক কেনেদৰে আছে তাক লৈ উদ্বিগ্ন কৃষক মুক্তি আৰু তেওঁলোকৰ পৰিয়াল। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুয়োগৰাকী নেতাক সুচিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আৰু এই কোভিডৰ মহাসংক্ৰমণৰ সময়ত তেওঁলোকক বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in