২৪ ঘন্টা পৰি ৰ’ল বিতুৰ মৃতদেহ, কোনে কৰিব অন্ত্যেষ্টিক্ৰিয়া, ইয়াক লৈও বাক-বিতণ্ডাঃ VIDEO

২৪ ঘন্টা পৰি ৰ’ল বিতুৰ মৃতদেহ, কোনে কৰিব অন্ত্যেষ্টিক্ৰিয়া, ইয়াক লৈও বাক-বিতণ্ডাঃ VIDEO

ডিজিটেল সংবাদ, মঙলদৈঃ কনিষ্টবল স্বামী কিৰিতি বৰুৱাই পত্নী বিতুমণি হাজৰিকাক হত্যা কৰাৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে মঙলদৈ। আৰক্ষীয়ে স্বামীৰ পিতৃ আৰু ভাতৃক আটক কৰিছে যদিও অভিযুক্ত স্বামীক এতিয়ালৈকে আটক কৰিব নোৱাৰাত ক্ষোভিত ৰাইজে মঙলদৈ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে আৰক্ষীয়ে বৰ্তমান পলাতক হৈ থকা স্বামীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি সদৰী কৰিছে। অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰা আৰক্ষীয়ে এই ঘটনাৰ উচিত বিচাৰ আৰু অপৰাধীক কৰায়ত্বৰ দাবী কৰা বিতুমণিৰ পৰিয়ালৰ সদস্যকে আটক কৰি থোৱাৰ অভিযোগ উঠিছে।

মৃত বিতুমণিৰ পৰিয়ালে স্বামী গৃহই অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰিব লাগিব বুলি দাবী জনোৱাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত বহু সময় ধৰি মৃতদেহ চিকিৎসায়লৰ চৌহদতে থাকে। স্বামী গৃহৰ ফালৰ পৰা এই দাবী মানি লোৱাৰ পাছতহে বিতুমণিৰ নশ্বৰ দেহ নাহৰবাৰীলৈ নিয়াৰ প্ৰস্তুতি চলে।

উল্লেখ্যযোগ্য যে, সোমবাৰৰ আবেলি ৪ বজাত ৰহস্যজনক অগ্নিকাণ্ডত বিতুমণিৰ মৃত্যু হৈছিল। এই হত্যাকাণ্ডৰ সৈতে স্বামী গৃহৰ পৰিয়াল জড়িত থকা বুলি বিতুমণিৰ পিতৃয়ে মুকলিকৈ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও সমগ্ৰ ঘটনাৰাজি এতিয়াও পোহৰলৈ অহা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in