শেহতীয়া খবৰ
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

লকডাউনৰ ফলত ১০০ কিঃমিঃ খোজকাঢ়ি অসুস্থ হৈ পৰে এজন বৃদ্ধ, ভৰ্তি কৰা হয় নাৰ্ছিং হোমত… VIDEO

5,013

ডিজিটেল সংবাদ, বিশ্বনাথঃ মহামাৰী কোৰোনাৰ বাবে সমগ্ৰ দেশতে এতিয়া ল’কডাউন বলবৎ কৰা হৈছে৷ ফলত বন্ধ হৈ পৰিছে যান-বাহন চলাচল৷ গাড়ী-মটৰ চলাচল নকৰাৰ বাবেই কলিয়াবৰৰ পৰা খোজকাঢ়ি আহি বিশ্বনাথ চাৰিআলি পালেহি লখিমপুৰ জিলাৰ লালুকৰ এজন ৮০ বছৰীয়া বৃদ্ধ৷

খগেন বৰুৱা নামৰ লালুকৰ এই বৃদ্ধগৰাকী গুৱাহাটীলৈ গৈছিল পুত্ৰৰ কাষলৈ৷ মঙলবাৰে ল’কডাউন ঘোষণাৰ পূৰ্বে বাছত উঠি আহিছিল ঘৰলৈ৷ কলিয়াবৰ তিনিআলিত নামিছিল উজনিমুখী বাছৰ পৰা৷ কলিয়াবৰ তিনিআলিত গাড়ী নাপাই খোজ কাঢ়ি প্ৰায় ১০০ কিলোমিটাৰ আহিছিল বৃদ্ধজন৷ বৃদ্ধিগৰাকীয়ে নিশা ৰে’ল ষ্টেচনতে কটাব লগীয়া হৈছিল৷

ইফালে পুত্ৰই দিয়া ১২০০ টকাও কোনো দুস্কৃতিকাৰীয়ে লুটি নিলে বৃদ্ধজনৰ পৰা। অবশেষত বৃহস্পতিবাৰে সচেতন লোকে প্ৰত্যক্ষ কৰি বিশ্বনাথ চাৰিআলিত উপস্থিত হোৱা বৃদ্ধজনক অসুস্থ অৱস্থাত ভৰ্তি কৰা হ’ল ব্যক্তিগত চিকিৎসালয় বৰা নাৰ্ছিং হোমত৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি