ৰাজ্যত পুনৰ অভি-নীল সদৃশ কাণ্ড!

ৰাজ্যত পুনৰ অভি-নীল সদৃশ কাণ্ড!

ডিজিটেল সংবাদ, উত্তৰ অসমঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে অভি-নীলৰ দৰে অনুৰূপ ঘটনা। একাংশ উন্মাদ লোকে দা, লাঠি, লোৰ ৰ'ডৰে অমানুষিক অত্যাচাৰ চলাই ৪জন যুৱকৰ ওপৰত।

বিশ্বনাথৰ চতিয়াৰ ডিপলোঙা বাগিচাৰ ১৫ নম্বৰ লাইনত সংঘটিত হৈছে এই নৃশংস ঘটনা। আৰক্ষীয়ে বিশ্বনাথৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰে আহত যুৱক কেইজনক।

কিছু সময় পূৰ্বে মৃত্যু হয় দেৱেন ৰাজবংশী (৫০) নামৰ লোকজনৰ। আহত চিকিৎসাধীন সকল ক্ৰমে ফুলচন চাহু, বিজয় নায়ক, পুজেন ৰাজবংশী।

গাহৰি ব্যৱসায় কৰা লোক কেইজনে পুৱতি নিশা গাহৰি ক্ৰয় কৰিবলৈ গৈছিল৷ কিন্তু তেওঁলোকক গৰুচোৰ বুলি অভিযোগ কৰি জপিয়াই পৰে উন্মাদ গঞাঁ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in