বৃহস্পতিবাৰৰ পৰা আৰম্ভ প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ…

বৃহস্পতিবাৰৰ পৰা আৰম্ভ  প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱ…

ডিজিটেল সংবাদ, উত্তৰ অসম: চলচ্চিত্ৰ জ্বৰত আক্ৰান্ত হৈ পৰিছে বিশ্বনাথ চাৰিআলি চহৰ। অলিয়ে-গলিয়ে এতিয়া মাথোঁ চলচ্চিত্ৰ মহোসৱৰ চৰ্চা। সেয়া স্বাভাৱিকেই, কিয়নো জিলাখনৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত হৈছে এনেধৰণৰ এক বৃহৎ চলচ্চিত্ৰ বিষয়ক কাৰ্যসূচী।

বৃহস্পতিবাৰে অৰ্থাৎ ৮ আগষ্টৰ বিয়লি ২ বজাত এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত অংশগ্ৰহণ কৰিব ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্ত্বনা বৰদলৈয়ে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব। বিশ্বনাথ চাৰিআলিৰ পাভৈ টকীজত অনুষ্ঠিত হবলগীয়া এই অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গো উপস্থিত থাকিব।

অনুষ্ঠানত উপস্থিত থাকিব যুৱ পৰিচালক অনুপম কৌশিক বৰা, সুগায়ক বিদ্যাসাগৰ আৰু ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উদ্বোধনী অনুষ্ঠানৰ পাছতেই বিয়লি ৪ বজাত মহোৎসৱৰ উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰা হ'ব ডাঃ বৰদলৈৰ বহুচৰ্চিত ছবি "মাজ ৰাতি কেতেকী"। বৃহস্পতিবাৰে সন্ধ্যা সাত বজাত প্ৰদৰ্শন কৰা হব অনুপম কৌশিক বৰাৰ জনপ্ৰিয় ছবি বৰনদী ভটিয়ায়। দৰ্শকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি পৰহিলৈ পুৱা ১০-৩০ বজাতো এই ছবিখনৰ পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

সমাৰোহত শুকুৰবাৰে প্ৰদৰ্শিত হ'বলগীয়া আন আন ছবিসমূহ বিয়লি ১.১৫ বজাত জয়চেং জয় দহোটীয়াৰ হান্দুক, ৪ বজাত ৰীমা বৰাৰ বকুল আৰু সন্ধ্যা সাত বজাত ভাস্কৰ হাজৰিকাৰ কথানদী। মহোৎসৱৰ লগত সংগতি ৰাখি চিনেমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিদিনেই একোটাকৈ মাষ্টাৰ ক্লাছৰো আয়োজন কৰা হৈছে।

ছবি নিৰ্দেশনা, অভিনয়, চিত্ৰ-নাট্য ৰচনা আৰু চিত্ৰগ্ৰহণ এই চাৰিটা বিষয়ত ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ বিশেষজ্ঞ ব্যক্তিয়ে প্ৰশিক্ষণ আগবঢ়াবলগীয়া এই শ্ৰেণীসমূহ হ'ব সম্পূৰ্ণ বিনামূলীয়া। মহোৎসৱৰ লগত সংগতি ৰাখি স্থানীয় উদীয়মান ফটোগ্ৰাফাৰসকলৰ এক চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। অনুষ্ঠানত বিশ্বনাথ জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ সহায়-সহযোগিতা আয়োজকসকলে আন্তৰিকতাৰে কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in