বিশ্বনাথ জিলা প্ৰশাসনৰ খাদ্য সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বান

বিশ্বনাথ জিলা প্ৰশাসনৰ খাদ্য সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বান

ডিজিটেল সংবাদ, উত্তৰ অসমঃ প্রথম পৰ্যায়ত অনুষ্ঠিত হব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰা ‌‌‌‍‌প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰিছে। বিশ্বনাথ জিলা প্ৰশাসনৰ অধীনত পঞ্চায়ত নিৰ্বাচনৰ বাবে নিয়োজিত হোৱা বিষয়া-কৰ্মচাৰীৰ বাবে প্ৰয়োজনীয় এই খাদ্য-সামগ্ৰী যোগানৰ বাবে ইচ্ছুক স্থানীয় হোটেল, কেণ্টিন আদিৰ স্বত্বাধিকাৰীয়ে অহা ১৪ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত নিবিদা দাখিল কৰিব পাৰিব।

সেইদিনাই বিয়লি ৫ বজাত নিবিদাৰ বাকচ খোলা হ'ব। আগ্ৰহী খাদ্য যোগান ধৰিব বিচৰা ব্যৱসায়ী অথবা স্বত্বাধিকাৰীক নিবিদা প্ৰক্ৰিয়াৰ সবিশেষ তথ্যৰ বাবে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচন,২০১৮ ৰ খাদ্য বিভাগৰ কোষত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in