লংকাৰ পাছত বিশ্বনাথতো চিকিৎসকক গণপ্ৰহাৰ…

লংকাৰ পাছত বিশ্বনাথতো চিকিৎসকক গণপ্ৰহাৰ…

লংকাৰ পাছত বিশ্বনাথতো চিকিৎসকক গণপ্ৰহাৰ…

ডিজিটেল সংবাদ বিশ্বনাথঃ এইবাৰ বিশ্বনাথত চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত বুধবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা। কোৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্যত বলবৎ কৰা হৈছে SOP ৰ অধীনত নতুন নীতি নিৰ্দেশনা।এই নীতি নিৰ্দেশনা অনুযায়ী দুপৰীয়া বাৰ বজাৰ পৰা বন্ধ কৰিব লাগে ৰাজ্যৰ দোকান-পোহাৰসমূহ।কিন্তু তাৰ মাজতে কিছুমান গ্ৰাম্যাঞ্চল আৰু চাহ বাগিচা অঞ্চলত একাংশ লোকে এই নীতি নিৰ্দেশনা অমান্য কৰি খোলা ৰাখে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান।

বিশ্বনাথৰ মাজুলিগড় চাহ বাগিচাতো বাগিচাখনৰ একাংশ ক্ষুদ্ৰ ব্যবসায়ীয়ে মনা নাছিল চৰকাৰৰ এই নিয়ম।ইফালে চাহবাগিচাসমূহত গণ সংক্ৰমণৰ আশংকাত বিশ্বনাথ জিলা প্ৰশাসনেও সকলো বাগিচা কৰ্তৃপক্ষকে চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।জিলা প্ৰশাসনৰ এই নিৰ্দেশৰ পিছতে বিশ্বনাথতৰ মাজুলিগড় চাহ বাগিচা কৰ্তৃপক্ষই কালি বিয়লি খুলি থোৱা দোকানসমূহ বন্ধ কৰাৰ চেষ্টা চলায়।

ইয়াৰ পিছতে বাগিছা খনৰ একাংশ লোকে বাগিচাখনৰ চিকিৎসকৰ নিৰ্দেশতে তেওঁলোকৰ দোকানসমূহ বন্ধ কৰা হৈছে বুলি সন্দেহ কৰি চিকিৎসকৰ ওপৰত ক্ষোভিত হৈ পৰে। যাৰ বাবে একাংশ লোকে কালি বিয়লি বাগিচাখনৰ কাৰ্যালয়ত এই সন্দৰ্ভত সোধা-পোছা কৰিবলৈ যায়। সেই সময়তে বাগিচাখনৰ চিকিৎসক গৰাকীয়ে খোজ কাঢ়িবলৈ গৈ মুখা-মুখি হয় ক্ষোভিত লোকসকলৰ লগত। লংকাৰ

ইয়াৰ পিছতে ক্ষোভিত লোকসকলৰ দলটোৱে চিকিৎসকগৰাকীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।অৱশ্যে সৌভাগ্যক্ৰমে চিকিৎসকগৰাকীৰ ঘৰত কৰ্মৰত কৰ্মচাৰীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসক গৰাকীৰ। কালি বিয়লিৰ ভাগত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত শুক্ৰবাৰে বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ তৰিছে আক্ৰমণৰ সন্মুখীন হোৱা চিকিৎসকগৰাকীয়ে।লংকাৰইয়াৰ পিছতে ক্ষোভিত লোকসকলৰ দলটোৱে চিকিৎসকগৰাকীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।অৱশ্যে সৌভাগ্যক্ৰমে চিকিৎসকগৰাকীৰ ঘৰত কৰ্মৰত কৰ্মচাৰীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসক গৰাকীৰ। কালি বিয়লিৰ ভাগত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত শুক্ৰবাৰে বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ তৰিছে আক্ৰমণৰ সন্মুখীন হোৱা চিকিৎসকগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in