শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

ভাইৰেল টেলিফোনিক বাৰ্তালাপঃ কোভিড ৱাৰ্ডত সন্তান প্ৰসৱৰ পাছত ২০ মিনিটলৈ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল থাকিল নৱজাতক…

346

ডিজিটেল সংবাদ, বিশ্বনাথঃ এগৰাকী কোভিড পজিটিভ প্ৰসূতীয়ে সন্তান প্ৰসৱ কৰাৰ পাছতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডৰ বহু কথা পোহৰলৈ আহিছে৷ কোভিড ৱাৰ্ডটোত থকা এগৰাকী কোভিড ৰোগীৰ ভাইৰেল হৈ পৰা এটি টেলিফোনিক বাৰ্তালাপে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত৷

ভাইৰেল হৈ পৰা টেলিফোনিক বাৰ্তালাপটোৰ অভিযোগ মতে, বিশ্বনাথ চাৰিআলি চিভিল হাস্পতালৰ কোভিড ৱাৰ্ডত চিকিৎসাধীন হৈ থকা বিশ্বনাথ জিলাৰ দিকৰাইৰ খৃষ্টানবস্তীৰ কোভিড পজিটিভ প্ৰিয়া গোৱালা নামৰ ২১ বছৰীয়া মহিলা গৰাকীয়ে মঙলবাৰে পুৱা জন্ম দিয়ে এটি কন্যা সন্তান৷ কিন্তু সন্তান প্ৰসৱৰ সময়ত নাছিল চিকিৎসক আৰু নাৰ্ছ ৷

আনকি প্ৰসৱ হোৱাৰ ২০ মিনিট পাছলৈকে তেজৰে লুটুৰি পুটুৰি হৈ মাকৰ লগতে পৰি আছিল নৱজাতকটি৷ ২০ মিনিটৰ পাছত উপস্থিত হোৱা নাৰ্ছে কাষতে থকা কোভিড ৰোগীৰ বিচনাত শুৱাই দিছিল নৱজাতকটিক আৰু প্ৰায় ডেৰ ঘন্টা পিছতহে কোভিড ৱাৰ্ডটোত উপস্থিত হয় চিকিৎসক ৷

নৱজাতকটিৰ শ্বাস সংগ্ৰহ কৰি পৰীক্ষা কৰিব লাগিছিল যদিও বৰ্তমানলৈকে লোৱা নাই তেনে কোনো ব্যৱস্থা ৷ উল্লেখ্য যে, সোমবাৰে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকেশ্বৰ বৰাৰ জীয়ৰী নৱ মল্লিকা বৰাৰ এই টেলিফোনিক বাৰ্তালাপে এতিয়া তোলপাৰ লগাইছে স্বাস্থ্য বিভাগত ৷ আনকি একেটা কোভিড ৱাৰ্ডতে থকা লোকেশ্বৰ বৰাৰ পত্নী আৰু জীয়ৰীৰ অভিযোগ তেজপুৰ মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজত আইচিইউ খালী নথকাৰ বাবেই পিতৃৰ মৃত্যু হ’ল ৷

বিশ্বনাথ চাৰিআলিৰ কোভিড ৱাৰ্ডত লোকেশ্বৰ বৰাক চিকিৎসা প্ৰদান কৰোতেও গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে। অক্সিজেন ছিলিণ্ডাৰ ফিট কৰিবলৈও কোভিড ৱাৰ্ডলৈ নাহে চিকিৎসাকৰ্মী ৷ জীয়ৰী নৱমল্লিকাই টানি টানি নি পিতৃক দিব লগা হৈছিল অক্সিজেন ৷ তদুপৰি, চেনিটাইজাৰ, ঔষধ আদি যোগান ধৰা নাছিল পৰ্যাপ্ত পৰিমানে ৷

ইফালে, সময়মতে ঔষধ খাবলৈও নাৰ্ছক খাটনি কৰিব লগা হয় কোভিডত আক্ৰান্ত সকলে। জীয়াই থাকিবলৈ বহু ইচ্ছা থকাৰ পাছতো একমাত্ৰ স্বাস্হ্য বিভাগৰ চৰম গাফিলতিৰ বাবে লোকেশ্বৰ বৰাই মৃত্যুক সাৱটি লোৱাৰ পিছত ভাগি পৰা জীয়ৰী নবল্লিকাই এতিয়া ইয়াৰ এক উচিত তদন্ত বিচাৰিছে আৰু এই কথা এক সংবাদমেল যোগে জানিবলৈ দিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাই।

উল্লেখ্যযোগ্য যে, সঞ্জু বৰুৱাক নৱমল্লিকা বৰাই এই সমস্ত ঘটনা মোবাইলযোগে অৱগত কৰিছিল। ইফালে কংগ্ৰেছ নেতা সঞ্জু বৰুৱাই ৰাজ্যিক স্বাস্হ্য মন্ত্ৰী পীয়ুষ হাজৰিকালৈ এই বিষয়ে জনাবলৈ ফোন কৰিছিল যদিও ফোন নধৰিলে বুলি জানিবলৈ দিছে সঞ্জু বৰুৱাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি