বিশ্বনাথ ঘটনাৰ তদন্ত কৰিব যুটীয়া স্বাস্থ্য সঞ্চালকে…

বিশ্বনাথ ঘটনাৰ তদন্ত কৰিব যুটীয়া স্বাস্থ্য সঞ্চালকে…

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ চাৰিআলি কোভিড কেয়াৰ চিকিৎসালয়ত মঙ্গলবাৰে পুৱা এগৰাকী কভিড পজিটিভ প্ৰসুতিয়ে চিকিৎসক নাৰ্ছ অবিহনে নিজে নিজে সন্তান প্ৰসৱ কৰাৰ পিছত এই সমস্ত ঘটনা বিবৰি ভাইৰেল হোৱা এটা টেলিফ'নিক বাৰ্তালাপে তোলপাৰ লগোৱাৰ পিছত আজি বিশ্বনাথৰ স্বাস্হ্য বিভাগৰ যুটীয়া সঞ্চালকে উপায়ুক্তৰ নিৰ্দেশ অনুসৰি নিজা ববীয়া তদন্ত ঘোষণা কৰিছে।

স্বাস্হ্য সঞ্চালক নাৰায়ন মহন্তই জনোৱা মতে এই সমস্ত ঘটনাৰ ওপৰত তদন্ত চলাব আৰু শীঘ্ৰেই তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰিব। উল্লেখ্য যে বাংগালোৰৰ পৰা অহা প্ৰিয়া গোৱালা নামৰ কভিডত আক্ৰান্ত প্ৰসুতি গৰাকীয়ে মংগলবাৰে বিশ্বনাথ কভিড কেয়াৰ চিকিৎসালয়ত এটি কন্যা সন্তান প্ৰসৱ কৰিছিল। প্ৰায় ২০ মিনিটমান সময় তেজেৰে লুতুৰি পুতুৰি হৈ থকাৰ পিছতহে প্ৰসুতি গৰাকীৰ কাষত উপস্হিত হৈছিল নাৰ্ছ।

আৰু লগে নৱজাতকটিক নাৰ্ছে শুৱাই দিছিল কাষতে থকা কভিডত আক্ৰান্ত এগৰাকী মহিলাৰ বিছনাত। এই অভিযোগ বৰ্ণনা কৰা এটা টেলিফ'নিক বাৰ্তালাপ ভাইৰেল হোৱাৰ পিছত আজি বিশ্বনাথৰ যুটীয়া সঞ্চালকক সাংবাদিকে এই বিষয়ে সোধাত সঞ্চালক গৰাকীয়ে নৱজাতকটিক নাৰ্ছে কভিড আক্ৰান্ত মহিলাৰ বিছনাত শুৱাই দিয়াৰ কথাটো সত্য বুলি স্বীকাৰ কৰিছে।

অৱশ্যে সেই সময়ত কোনো উপায় নথকাৰ বাবেহে নাৰ্ছে এনেদৰে শুৱাই দিবলৈ বাধ্য হ'ল বুলি উল্লেখ কৰিছে। আনহাতে মহকুমা স্বাস্থ্য বিষয়া এলিজা ডেকাই এক মূহুৰ্তৰ বাবে কভিড পজিটিভৰ বিচনাত থলেই যেনিবা ইমানকে লাগিব নালাগে বুলি সাংবাদিকৰ আগত দায় সৰা মন্তব্য কৰে ৷এতিয়া বিশ্বনাথৰ জনসাধাৰনৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে বিশ্বনাথ মহকুমা স্বাস্হ্য বিষয়া এলিজা ডেকাৰ বক্তব্য কিমান গ্ৰহন যোগ্য?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in