এইবাৰ পূজাৰীৰ দেহত কোভিড-১৯…

এইবাৰ পূজাৰীৰ দেহত কোভিড-১৯…

ডিজিটেল সংবাদ, বিশ্বনাথঃ ভাৰতীয় ষ্টেট বেংকৰ বিষয়া বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ অহা বিশ্বনাথৰ পূজাৰী টেকনাথ ধুংগানাৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। যোৱা ১৪ জুনত বিজয় শংকৰ দাসে অংশ গ্ৰহণ কৰা শান্তিপুৰৰ চানৰাইজ ক্লাৱৰ কালি পূজাৰ পূজাৰী আছিল ধুংগানা৷ পূজাৰী জনৰ দেহত ধৰা পৰাত হাঁহাকাৰ লাগিছে বিশ্বনাথ চাৰিআলিত৷ কাৰণ পূজাৰী জন বিগত সময়ত ভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছিল৷

ইয়াকে লৈ বিশ্বনাথত বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ অহা মুঠ ৬ জনৰ দেহত ধৰা পৰিছে কোভিড ১৯ পজিটিভ। বিজয় শংকৰ দাসৰ কন্যা ঈষাণি দাস, ভাতৃ তথা বিহালী উন্নয়ন খণ্ডৰ কণিষ্ঠ অভিযন্তা স্বনদ্বীপ দাস আৰু স্বনদ্বীপৰ ৯ বছৰীয়া কণ্যা ময়ূৰাক্ষী, বিশ্বনাথ চাৰিআলি চহৰৰ বেটাৰীৰ মেকানিক বুলেন মণ্ডল আৰু নাপিত সঞ্জীৱ ঠাকুৰ আক্ৰান্ত হৈছিল কোভিড-১৯ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in