মুম্বাইত উজ্বলিল অসম সন্তান ভাৰ্গৱ…

মুম্বাইত উজ্বলিল অসম সন্তান ভাৰ্গৱ…

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ সম্পূৰ্ণ নিকা দৃষ্টিভংগীৰে সৰ্বভাৰতীয় ভিত্তিত মায়ানগৰী মুম্বাইত ১৫ ডিচেম্বৰ ২০১৮ তাৰিখে অনুষ্ঠিত ভাৰতবৰ্ষৰ খ্যাতনামা বোলছবি সমালোচকসকলৰ দ্বাৰা নতুনকৈ গঠিত 'ফিল্ম ক্ৰিটিকচ্ গিল্ড অব্ ইণ্ডিয়া' নামৰ ভাৰতৰ অন্যতম সংগঠনটোৱে আয়োজন কৰা ২০১৮ চনৰ চুটি বোলছবি মহোৎসৱত প্ৰখ্যাত গল্প লিখক ৰাক্সিন বণ্ডৰ শিশু সূলভ চিন্তাৰে পুষ্ট কাহিনীৰ আধাৰত নিৰ্মিত ভাৰ্গৱৰ চুটি বোলছবি 'দ্য ব্লেক কেটে' শ্ৰেষ্ঠ চিনেমাত'গ্ৰাফী আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰি বিশ্বনাথ চাৰিআলিৰ লগতে অসমলৈ আনিছে গৌৰৱৰ বতৰা।

বলিউদৰ খ্যাতনামা অভিনেতা প্ৰয়াত টম আল্টাৰ আৰু স্নেহাজ পাটিল অভিনীত আৰু ভাৰ্গৱৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত 'দ্য ব্লেক কেটে' ইতিমধ্যে বিদেশৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত সমাদৃত হোৱাৰ লগতে বিভিন্ন শিতানত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বোলছবিখনৰ চিত্ৰনাট্য ভাৰ্গৱে নিজে লিখা।

প্ৰণিধানযোগ্য যে ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত নিৰ্মিত বাচকবনীয়া প্ৰায় ৫০০খন চুটি বোলছবি বাচি লৈ ৰাষ্ট্ৰীয় ভিত্তিত সন্মানীয় সংগঠনটোৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। ইয়াৰ আগতে 'দ্য এৱেকিনিঙচ' নামৰ ভাৰ্গৱৰ হিন্দী ভাষাত নিৰ্মিত ভৌতিক চুটি বোলছবিখন ১৯০খন দেশত প্ৰদৰ্শন হোৱাৰ লগতে বিভিন্ন শিতানত ৩৪টা শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰি দেশ বিদেশৰ বোলছবি জগতত চুনামিৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ ভাৰ্গৱৰ 'দ্য অৰ্ডিয়েন্ট' নামৰ প্ৰথম হিন্দী ভৌতিক পূৰ্ণাংগ বোলছবিখনৰ কাম কাজ আৰম্ভ হৈছে।

স্মতব্য এইয়ে যে , 'দ্য অৰ্ডিয়েন্ট'ৰ গোটেই প্ৰকল্পটো ২০১৮ চনৰ জুলাই মাহত চাউথ কুৰিয়াত অনুষ্ঠিত 'এচিয়ান ফেন্টাষ্টিক ফিল্মিম ক'প্ৰডাকচন মাৰ্কেটত' আমন্ত্ৰণ লাভ কৰি বোলছবি জগতত প্ৰাৰম্ভিকভাৱে চমকৰ সৃষ্টি কৰিছে। এই বোলছবিখনত পূৰ্ণাংগ বোলছবিৰ পৰিচালকৰূপে ভাৰ্গৱৰ অভিষেশ ঘটিব। ৰাইজৰ আৰ্শীবাদ শিৰত লৈ ভাৰ্গৱ ইতিমধ্যে মুম্বাইত ব্যস্ত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in